ETV Bharat / state

পৰ্যাপ্ত সুবিধা অবিহনেই কৰ'ণাৰ বিৰুদ্ধে যুঁজিছে একাংশ চিকিৎসকে

author img

By

Published : Apr 4, 2020, 11:20 AM IST

অসমত ক্ৰমে বৰ্ধিত হ’ব ধৰিছে কৰ’ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ স্বাস্থ্য বিভাগে চিকিৎসা গ্ৰহণৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰা বুলি স্বাস্থ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিলেও চাবুৱাৰ আদৰ্শ চিকিৎসালয়ত দেখা গৈছে এক বিপৰীত প্ৰতিচ্ছবি ৷

Chabua no equipment for mediacal tratment
চাবুৱাৰ আদৰ্শ চিকিৎসালয়ত পৰ্যাপ্ত সুবিধাৰ অভাৱ

চাবুৱা,4 এপ্ৰিলঃ চাবুৱাৰ আদৰ্শ চিকিৎসালয়ত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি ৷ কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সন্দেহত পৰ্যবেক্ষণৰ বাবে ৰখা ব্যক্তিসকলক চিকিৎসালয়খনে প্ৰদান কৰিব পৰা নাই পৰ্যাপ্ত সুবিধা ৷ লগতে স্বাস্থ্য বিভাগে চিকিৎসালয়খনত জড়িত থকা চিকিৎসাকৰ্মীৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰাত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতি ৷

ইতিমধ্যে চিকিৎসালয়খনত ৰখা ব্যক্তিসকল দিল্লীৰ নিজামুদ্দিনত অংশগ্ৰহণ কৰা বুলি জানিব পৰা গৈছে ৷ একেদৰে নিজামুদ্দিনলৈ যোৱা ব্যক্তিৰ সংস্পৰ্শলৈ অহা 7 জন অন্য ব্যক্তিকো পৰ্যবেক্ষণত ৰখা হৈছে ৷ চাবুৱাত পৰ্যবেক্ষণত থকা ব্যক্তি কেইজনক ডিব্ৰুগড়ৰ পৰা অনা হৈছে ৷ এই অৱস্থাৰে চিকিৎসালয়খনে কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে কিদৰে যুঁজিব পাৰিব সেয়া সন্দেহৰ আৱৰ্তত ৷

লগতে চাওকঃ লক ডাউনঃ আজিকালি তেওঁলোকৰ কাষলৈ কোনোৱেই নাহে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.