ETV Bharat / state

চাবুৱাত প্ৰাক্তন বিধায়ক ৰাজু চাহুক ঘেৰাও

author img

By

Published : Mar 10, 2020, 1:19 PM IST

চাহ বাগিছাৰ শ্ৰমিকে ঘেৰাও কৰে চাবুৱাৰ প্ৰাক্তন বিধায়ক ৰাজু চাহুক ৷ চাহ বাগিছাৰ শ্ৰমিকক বোনাচৰ নামত প্ৰতাৰণা কৰাৰ অভিযোগত নিশা প্ৰায় 9 বজালৈকে এনেদৰে ঘেৰাও কৰি ৰাখে প্ৰাক্তন বিধায়কগৰাকীক ৷

chabua mla raju chahu surrounded by tea worker
চাবুৱাত প্ৰাক্তন বিধায়ক ৰাজু চাহুক ঘেৰাও

চাবুৱা,10 মাৰ্চঃ সোমবাৰে খাৰজান চাহ বাগিছাত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ ৷ বাগিছাৰ শ্ৰমিকে ঘেৰাও কৰে চাবুৱাৰ প্ৰাক্তন বিধায়ক ৰাজু চাহুক ৷ তেওঁলোকৰ মতে,ৰাজু চাহুৱে বিগত বহুদিনৰ পৰা বোনাচৰ নামত বাগিচা খনৰ শ্ৰমিক ৰাইজক প্ৰতাৰণা কৰি আহিছে ৷ প্ৰাক্তন বিধায়কজনৰ বাবেই শ্ৰমিকসকলৰ বোনাচত ব্যাপক খেলিমলিৰ অভিযোগ উত্থাপন কৰি উত্তাল কৰি তোলে সমগ্ৰ পৰিস্থিতি ৷ ফলত ইয়াৰ প্ৰত্যুত্তৰ নিদিয়া পৰ্যন্ত নিশা 9 বজালৈকে বিধায়কগৰাকীক ঘেৰাও কৰি ৰাখে চাহ শ্ৰমিকসকলে ৷ অভিযোগ মতে,7 শতাংশ বোনাচ দিয়াৰ প্ৰতিশ্ৰুতি দি 3.5 শতাংশৰ বোনাচ দিয়াৰ চেষ্টা চলায় ৰাজু চাহুৱে ৷ কিন্তু ৰাজু চাহুৰ মতে,তেওঁ কোনো ধৰণৰ বোনাচৰ কাগজ পত্ৰত এতিয়ালৈ চহী কৰা নাই ৷ নিশালৈকে এনেদৰে কংগ্ৰেছৰ প্ৰাক্তন বিধায়কগৰাকীক ঘেৰাও কাৰ্যসূচীয়ে সমগ্ৰ অঞ্চলটোত চাঞ্চল্য বৰ্তাই ৰাখে ৷

লগতে পঢ়কঃতিনি ঘন্টা ধৰি যোৰহাট বাছ আস্থানত আবদ্ধ বিদেশী পৰ্যটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.