মৰাণ,20 মাৰ্চ: ডিব্ৰুগড়ৰ চাবুৱাত শনিবাৰে অগপ-বিজেপিৰ মিত্রজোঁটৰ প্ৰাৰ্থী পোনাকণ বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে বাইক ৰেলীৰে পোনাকণ বৰুৱাৰ হৈ চলাই নিৰ্বাচনী প্ৰচাৰ । মুখ্যমন্ত্ৰী সোণোৱালে তিনিচুকীয়াৰ জানমুখত অনুষ্ঠিত হোৱা নৰেন্দ্ৰ মোডীৰ প্ৰচাৰ সভালৈকে এই ৰেলী বাহিৰ কৰে ৷
কিন্তু মুখ্যমন্ত্ৰী সোণোৱালৰ ৰেলীৰ সন্মুখতে চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে সাব্যস্ত কৰে প্ৰতিবাদ । প্ৰতিবাদকাৰীসকলে সৰ্বানন্দ সোণোৱাল, ৰামেশ্বৰ তেলী, পোনাকণ বৰুৱা আৰু হাজাৰ হাজাৰ সমৰ্থকৰ সন্মুখত সৰ্বানন্দ গ' বেক, বিজেপি মুৰ্দাবাদ, কা আমি নামানো আদি বিভিন্ন শ্ল'গানেৰে চাবুৱাৰ আকাশ-বতাহ কঁপাই তোলে ।
লগতে পঢ়ক: পিতৃৰ হকে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত সংঘমিত্ৰা