মৰাণ, 25 অক্টোবৰ: কৰ'ণাৰ প্ৰাদুৰ্ভাৱ আৰু প্ৰতিকূল বতৰৰ বাবে এইবাৰ পূজাথলীত নাই ৰাইজৰ সমাগম ৷ মৰাণতো দুৰ্গা পূজাৰ অনুৰূপ পৰিৱেশেই বিৰাজমান ৷ তাৰ মাজতে আজি দেৱীৰ আশীষ, ল'বলৈ পূজাস্থলীত উপস্থিত হ'ল কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী ৷
![মৰাণত দেৱীৰ আশীষ ল'লে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8017to8021-ministerrameshwartelipresentinmorandurgapujawithmlachakradhargogoi-as10031_25102020221703_2510f_1603644423_295.jpg)
মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ সৈতে মৰাণৰ সাৰ্বজনীন দুৰ্গা পূজা মণ্ডপত উপস্থিত হৈ দেৱীৰ আশীৰ্বাদ লয় ভাৰত চৰকাৰৰ খাদ্য সংসাধন বিভাগৰ মন্ত্ৰী গৰাকীয়ে ৷ তাৰ পাচতে মন্ত্ৰী গৰাকীয়ে মৰাণৰ দুৰ্গোৎসৱ সমন্বয়ৰক্ষী সমিতিৰ এখন সভাত অংশগ্ৰহণ কৰে ৷
![মৰাণৰ দুৰ্গোৎসৱ সমন্বয়ৰক্ষী সমিতিৰ এখন সভাতো অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8017to8021-ministerrameshwartelipresentinmorandurgapujawithmlachakradhargogoi-as10031_25102020221703_2510f_1603644423_935.jpg)