নাহৰকটীয়া, 26 জুন : বৃহত্তৰ নামৰূপ আৰু নাহৰকটীয়া অঞ্চলত বৃদ্ধি পোৱা ক’ভিড আক্ৰান্তৰ প্ৰতি লক্ষ্য ৰাখি নামৰূপস্থিত বি.ভি.এফ.চি হাস্পতালত (BVFC hospital) সাজু কৰা হৈছে ক’ভিড কেয়াৰ কেন্দ্ৰ ৷ যুটীয়া স্বাস্থ্য সঞ্চালকালয় আৰু জিলা প্ৰশাসনৰ উদ্যোগত তথা বি.ভি.এফ.চি.এল'ৰ সহযোগত পুৰুষ আৰু মহিলা উভয়ৰে বাবে ১০০ খন বিচনাযুক্ত ক’ভিড কেয়াৰ কেন্দ্ৰটো ইতিমধ্যে সাজু কৰি তোলা হৈছে ৷ স্থানীয় বিধায়কৰ তৎপৰতাত কম সময়ৰ ভিতৰতে প্ৰস্তুতি সম্পূর্ণ কৰা ক’ভিড কেয়াৰ চেণ্টাৰটো পৰিদৰ্শনৰ উদ্দেশ্যে শুকুৰবাৰে বিয়লি ভাগত চিকিৎসালয়খনত উপস্থিত হয় কেন্দ্ৰীয় খাদ্য সংশাধন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী (Rameshwar Teli) আৰু স্থানীয় বিধায়ক তৰংগ গগৈ (Taranga Gogoi) ৷
বি. ভি.এফ.চি.এলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক অসীম কুমাৰ ঘোষৰ উপস্থিতিত কেন্দ্ৰটো পৰিদৰ্শন কৰি কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে কয় যে, স্থানীয় বিধায়কৰ প্ৰচেষ্টাত নামৰূপত নিৰ্মাণ হোৱা এই ক’ভিড কেয়াৰ কেন্দ্ৰই ক’ভিডৰ লক্ষণ পোৱা আৰু ক’ভিড পজিটিভ পোৱা অঞ্চলটোৰ ৰোগী সকলক যথেষ্ট সকাহ প্ৰদান কৰিব ৷ লগতে শনিবাৰৰ পৰা কেন্দ্ৰটো মুকলি কৰি চৰকাৰী নীতি নিয়ম অনুসৰি সতৰ্কতামূলক ব্যৱস্থাৰে ক’ভিড ৰোগীক চিকিৎসা কৰাৰ ব্যৱস্থা কৰা হ’ব বুলি কয় কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে সদৰি কৰে ৷
উল্লেখযোগ্য যে, অহা সোমবাৰৰ পৰা ৰাজ্যত প্ৰযোজ্য হ'ব নতুন ক’ভিড এছ অ’ পি (SOP) । এসপ্তাহৰ বাবে বাহাল থাকিব নতুন এছ অ’ পি (SOP) ৰ বিধি সমূহ । শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত (Keshab Mahanta)ই ।
একেদৰে ৪খন জিলাত সম্পূৰ্ণ কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা হৈছে ৷ বিশ্বনাথ, মৰিগাঁও, গোলাঘাটৰ বোকাখাট মহকুমা আৰু গোৱালপাৰা জিলাত হ'ব কণ্টেইনমেণ্ট জন । গুৱাহাটীত ৪ বজাৰ পৰা সান্ধ্য আইন । সোমবাৰৰ পৰা কামৰূপ মেট্ৰ' জিলাত বিয়লি ৩ বজালৈ দোকান খুলা ৰাখিব পাৰিব ৷ বাকী জিলা সমূহ এতিয়াৰ নিচিনাকৈ থাকিব ৷
আনহাতে আন্তঃ জিলা যাতায়াত ব্যৱস্থা বন্ধ থাকিব পূৰ্ৱৰ দৰে ৷ ইপিনে সম্প্ৰতি ৰাজ্যত ২৪৭ টা ক’ৰণাৰ হটস্পট চিনাক্ত কৰা হৈছে বুলিও সদৰি কৰে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ।
লগতে পঢ়কঃ ৰে’ল বিভাগত পুনৰ বহিঃৰাজ্যৰ যুৱকক নিযুক্তি