মৰাণ, 2 ডিচেম্বৰ : অসম দিৱস উপলক্ষে ডিব্ৰুগড় ডিলাৰ মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত ধেমেচীত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত ধেমেচী উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদত অসম দিৱস অনুষ্ঠিত কৰা হয় ৷
উক্ত অনুষ্ঠানত মিচিং জনগোষ্ঠীৰ ডেকা গাভৰুৰ দলে গুমৰাগ নৃত্য আৰু সোণোৱাল কচাৰীৰ লেচেৰী নৃত্য, চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্য পৰিৱেশন কৰা হয় ৷
উল্লেখ্য যে, ধৰ্মীয় পৰম্পৰা আৰু নীতি-নিয়মৰ মাজৰে অসম দিৱস আৰম্ভ হোৱাৰ পিচতে আৰম্ভ হৈছে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান ।
লগতে পঢ়ক : উজনি অসমৰ প্ৰথমটো গেছ ইনচুলেটেড উপকেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ