মৰাণ, 25 ফেব্ৰুৱাৰী: ইণ্ডিকা গাড়ী লৈ গৰু চোৰ কৰিবলৈ আহি বুধবাৰে মৰাণৰ ৰাইজৰ জালত পৰে দুটাকৈ চোৰ ৷ মৰাণৰ বালিয়ৰি গোঁহাই গাঁৱত এই ঘটনা সংঘটিত হৈছে ৷ ঘটনাৰ বিৱৰণী অনুসৰি, মাজনিশা ইণ্ডিকা গাড়ীলৈ গাঁওখনলৈ গৰুচোৰ কৰিবলৈ আহিছিল চাৰিটা চোৰ ৷ কিন্তু, মঙলবাৰে উক্ত অঞ্চলত তিনিটা পৰিয়ালৰ চাৰিটাকৈ গৰু চুৰি হোৱাৰ পৰিপ্ৰেক্ষিতত বুধবাৰে সন্ধিয়াৰে পৰা গাঁওৰক্ষী বাহিনীয়ে পহৰা দি থকাৰ ফলতে চোৰ কেইটাক কৰায়ত্ব কৰাত সক্ষম হয় ৷
উল্লেখ্য যে, আন্ধাৰৰ সুযোগ লৈ দুটা চোৰ পলাই যাবলৈ সক্ষম হয় যদিও অন্য দুটা চোৰক ৰাইজে কৰায়ত্ব কৰি মৰাণ আৰক্ষীক চমজাই দিয়ে ৷ ৰাইজে জব্দ কৰা ইণ্ডিকা খনৰ নম্বৰ এ এছ 23 এইছ 8671 বুলি জানিব পৰা গৈছে ৷ ৰাইজে জানিবলৈ দিয়া মতে গাড়ীৰ ভিতৰত গৰু বন্ধা পঘাৰ লগতে বিভিন্ন ঔষধৰ চিৰিঞ্জ উদ্ধাৰ কৰে ৷