মৰাণ,9নৱেম্বৰঃ ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং বেহা ৷সোমবাৰে মৰাণত পুনৰ জব্দ কৰা হৈছে গৰু ভৰ্তি এখন বাহন ।চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত জ্যোতিপুৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এ এছ ২১ চি ৯৬৩৬ নম্বৰৰ বলেৰ' পিকআপ বাহনেৰে ৬ টাকৈ গৰু লৈ গৈ থকা অৱস্থাত স্থানীয় ৰাইজে গৰুসহ চালকক আটক কৰে ৷
এই সন্দৰ্ভত মৰাণহাট আৰক্ষী থানাত স্থানীয় ৰাইজে এখন লিখিত এজাহাৰ দাখিল কৰাৰ লগতে বাহনসহ চালকক চমজাই দিয়ে আৰক্ষীক ৷
লগতে পঢ়কঃ নীলা পানী হ্ৰদত প্ৰশাসনৰ ১৪৪ ধাৰা বলবৎ