ETV Bharat / state

চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে বাতিল কৰিলে লাচিত দিৱস

author img

By

Published : Nov 23, 2020, 10:33 PM IST

ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত তিনি দিনীয়া শোক পালনৰ আহ্বান চৰকাৰৰ ৷ এই পৰিপ্ৰেক্ষিতত চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে বাতিল কৰিলে মৰাণত আয়োজিত লাচিত দিৱস ৷

Cancelation of Lachit Divash program at Dhemechi

মৰাণ, 23 নৱেম্বৰ : অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ দেৱৰ মৃত্যুত শোকস্তব্ধ ৰাজ্যবাসী । প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ মৃত্যুৰ বাবেই অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে মৰাণৰ ধেমেচীত আয়োজন কৰিবলৈ লোৱা লাচিত দিৱসৰ সকলো কাৰ্যসূচী চৰকাৰৰ তৰফৰ পৰা বাতিল কৰিছে । লাচিত দিৱসত অংশ গ্ৰহণ কৰিব লগা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশেষ বিমানৰ জড়িয়তে গুৱাহাটীলৈ উপস্থিত হয় । কাইলৈ অনুষ্ঠিত হ'ব লগা অনুষ্ঠানৰ ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছিল অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে । সাংস্কৃতিক মন্ত্ৰী নব দলে নিজেই মৰাণৰ ধেমেচীত উপস্থিত থাকি প্ৰস্তুতিৰ সকলো দিশ তদাৰক কৰি আছিল ।

কিন্তু বিয়লি 5.34 বজাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দেহাৱসান ঘটনাত এই সকলো কাৰ্যসূচী বাতিল কৰা হৈছে ৷ তিনিবাৰকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী আসন অলংকৃত কৰিছিল তৰুণ গগৈয়ে ৷ তেখেতৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত তিনি দিনীয়া শোক পালনৰ আহ্বান চৰকাৰৰ ৷ ৰাষ্ট্ৰীয় মৰ্যাদাৰে 26 নৱেম্বৰত শেষকৃত্য সম্পন্ন কৰা হ’ব তৰুণ গগৈৰ ৷

লগতে পঢ়ক : অনন্ত ধামলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.