ETV Bharat / state

তীব্ৰতৰ হৈ পৰিছে অসমৰ পৰিস্থিতি

author img

By

Published : Dec 10, 2019, 10:58 AM IST

ধ্বনি ভোটেৰে লোকসভাত গৃহীত হয় বহু বিতৰ্কিত কেব ৷ অধিক তীব্ৰতৰ হৈ পৰিছে অসমৰ পৰিস্থিতি ৷ নেচ'ৱে আহ্বান জনোৱা বন্ধৰ প্ৰভাৱ তীব্ৰ হৈ উঠিছে অসমৰ ভিন্ন স্থানত ৷ কেব গৃহীতৰ প্ৰস্তাৱ গ্ৰহণৰ পিচত মাজনিশা ডিব্ৰুগড়ৰ ৰাজপথত জ্বলি উঠিল এখন ট্ৰাক ৷ বন্ধৰ সৰ্বাত্মক প্ৰভাৱ দেখা গ'ল বিশ্বনাথ জিলাত ৷ বন্ধৰ সৰ্বাত্মক প্ৰভাৱ নাৰায়ণপুৰতো ৷ কেব বাতিলৰ দাবীত ৰঙিয়াত আছুৰ জোঁৰ সমদল ।

লোকসভাত গৃহীত হয় বহু বিতৰ্কিত কেব
লোকসভাত গৃহীত হয় বহু বিতৰ্কিত কেব

ডিব্ৰুগড়, 10 ডিচেম্বৰ: কালি দিনজোৰা বিতৰ্কৰ অন্তত ধ্বনি ভোটেৰে লোকসভাত গৃহীত হয় বহু বিতৰ্কিত কেব ৷ তাৰ পিচতেই যেন অধিক তীব্ৰতৰ হৈ পৰিছে অসমৰ পৰিস্থিতি ৷ কেব বিৰোধী ধাৰাবাহিক প্ৰতিবাদ অব্যাহত থকাৰ মাজতো লোকসভাত কেব গৃহীতৰ প্ৰস্তাৱ গ্ৰহণৰ পিচত মাজনিশা ডিব্ৰুগড়ৰ ৰাজপথত জ্বলি উঠিল এখন ট্ৰাক ৷ এই ঘটনাত ৰাইজে বিভিন্ন সন্দেহ প্ৰকাশ কৰাৰ লগতে এয়া বিধেয়ক বিৰোধী প্ৰতিবাদৰ পৰিণতিও হ'ব পাৰে বুলি সন্দেহ কৰে ৷

মাজনিশা ডিব্ৰুগড়ৰ ৰাজপথত জ্বলিল ট্ৰাক

বিশ্বনাথ: ইফালে নেচ'ৱে আহ্বান জনোৱা বন্ধৰ প্ৰভাৱ তীব্ৰ হৈ উঠিছে অসমৰ ভিন্ন স্থানত ৷ বন্ধৰ সৰ্বাত্মক প্ৰভাৱ দেখা গ'ল বিশ্বনাথ জিলাত ৷ বিশ্বনাথ জিলাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত আছু সদস্য সকলে ৰাজপথত টায়াৰ জ্বলাই পথ অৱৰোধ কৰে ৷

বন্ধৰ সৰ্বাত্মক প্ৰভাৱ বিশ্বনাথ জিলাত

নাৰায়ণপুৰ: নেচ'ৰ উত্তৰ-পূৱ বন্ধৰ সৰ্বাত্মক প্ৰভাৱ নাৰায়ণপুৰতো ৷ স্থানীয় ৰাইজৰ সহযোগত পুৱাৰে পৰা ৰাজপথত টায়াৰ জ্বলাই, বিজেপি বিৰোধী শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে ৷ বিধেয়কখন বাতিল নোহোৱা পৰ্যন্ত এই সংগ্ৰাম চলাই যাব বুলি জনায় প্ৰতিবাদকাৰী সকলে ৷

নেচ'ৰ উত্তৰ-পূৱ বন্ধৰ সৰ্বাত্মক প্ৰভাৱ নাৰায়ণপুৰতো

ৰঙিয়া: ৰঙিয়াতো আছুৰ উত্তাল প্ৰতিবাদ। কেব বাতিলৰ দাবীত ৰঙিয়াত আছুৰ জোঁৰ সমদল। সমদলত প্ৰাক্তন শিক্ষা মন্ত্ৰী থানেশ্বৰ বড়ো,প্ৰাক্তন বিধায়ক তথা অগপ নেতা অনন্ত ডেকা,শিল্পী পেন্সনাৰ নৰেন্দ্ৰ শৰ্মাকে ধৰি অংশগ্ৰহণ কৰে বহু সচেতন লোকে ৷

ৰঙিয়াত আছুৰ জোঁৰ সমদল

লগতে পঢ়ক: প্ৰতিবাদ দমনৰ বাবে চিৰাং আৰু তিনিচুকীয়াত ১৪৪ ধাৰা জাৰি

Intro:TL from DIBRUGARH

মাজনিশা ডিব্ৰুগড়ৰ ৰাজপথত জ্বলি উঠিল এখন ট্ৰাক।নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অপ্ৰতিৰুদ্ধ প্ৰতিবাদ অব্যাহত থকাৰ মাজতো লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ গৃহিতৰ প্ৰস্তাৱ গ্ৰহণৰ পাছতেই ডিব্ৰুগড়ৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত মাজনিশা এইদৰে জ্বলি উঠে এখন সামগ্ৰী কঢ়িওৱা ট্ৰাক।
ৰাইজে বিভিন্ন প্ৰকাৰে এই ঘটনাৰ সন্দেহ প্ৰকাশ কৰাৰ লগতে এইয়া বিধেয়ক বিৰোধি প্ৰতিবাদৰ পৰিণতিও হ'ব পাৰে বুলি সন্দেহ কৰা হৈছে।
AS 09C 1698 নম্বৰৰ ট্ৰাকখন ডিব্ৰুগড়ৰ দিশৰ পৰা গৈ থকা অৱস্থাত এই ঘটনা সংঘটিত হৈছে।

Body:DoConclusion:Do
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.