মৰাণ, 24 জুন : নিয়া (NIA)ৰ গোচৰৰ পৰা জামিন লাভ কৰাৰ পাচতে বৃহস্পতিবাৰে স্বগৃহত উপস্থিত হয় কা' আন্দোলনকৰী ভাস্কৰজ্যোতি ফুকন আৰু ভূপেন গগৈ ৷ গৃহ চহৰ চাবুৱাত উপস্থিত হোৱাৰ পাচতে ভাস্কৰজ্যোতি ফুকন আৰু ভূপেন গগৈক উষ্ম আদৰণি জনাই স্থানীয় লোকে ৷ চাবুৱা থানাৰ এক গোচৰত কৃষক নেতা তথা বৰ্তমানৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈক নিয়া (NIA)ই গ্ৰেপ্তাৰ কৰা সময়তে একেটা গোচৰতে ভাস্কৰজ্যোতি গগৈ আৰু ভূপেন গগৈকো গ্ৰেপ্তাৰ কৰা হৈছিল ৷
উল্লেখ্য যে, 'নাগৰিকত্ব সংশোধনী আইন ২০১৯' বিৰোধী আন্দোলনৰ সময়ত চাবুৱাত হোৱা বিক্ষিপ্ত ঘটনাৰ বাবে চাবুৱা থানাত UAPAৰ অধীনত অখিল গগৈ, জগজিৎ গোঁহাই, ভূপেন গগৈ আৰু ভাস্কৰজ্যোতি ফুকনৰ বিৰুদ্ধে গোচৰ এক ৰুজু হৈছিল । এই গোচৰতে এবছৰ পাঁচ মাহ ধৰি কাৰাৰুদ্ধ হৈ আছিল অখিল গগৈৰ লগতে ভাস্কৰজ্যোতি ফুকন আৰু ভূপেন গগৈ ৷ উল্লেখ্য যে, ভাস্কৰজ্যোতি ফুকনে UAPA অধীনত ৰুজু হোৱাৰ গোচৰত জামিন লাভ কৰিছে যদিও 144/188 ধাৰাৰ আন এক গোচৰৰ জামিন শুনানি প্ৰক্ৰিয়া অব্যাহত আছিল ৷ কিন্তু শেহতীয়াভাৱে এই গোচৰতো ভাস্কৰজ্যোতি ফুকনে জামিন লাভ কৰিছে বুলি সংবাদ মাধ্যমত খবৰ প্ৰকাশ পাইছে ৷
প্ৰায় দেৰ বছৰ ধৰি কাৰাৰুদ্ধ হৈ থকাৰ পাচত বৃহস্পতিবাৰে স্বগৃহত উপস্থিত হোৱাৰ পাচতে আবেগিক হৈ পৰে ভূপেন গগৈ ৷ পুত্ৰক কাষত পাই উচুপি উঠে ভূপেন গগৈৰ মাতৃ ৷ ইফালে সাংবাদিকৰ আগত ভূপেন গগৈয়ে মনৰ অনুভৱ ব্যক্ত কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৷
সাংবাদিকৰ প্ৰশ্ন উত্তৰত তেওঁ কয়, অনুভৱখিনি ব্যক্ত কৰিবলৈ এতিয়া শব্দৰ অভাৱ ৷ এবছৰ মূৰত ঘৰলৈ আহিছো ৷ বিনা কাৰণত এবছৰো এধিক কাল কাৰাৰুদ্ধ হ'লো ৷ আমাৰ বিৰুদ্ধে NIA য়ে UAPA অধীনত যি গোচৰ ৰুজু কৰিলে, সেই গোচৰত আমাৰ ক্ষেত্ৰত ৰুজু হ'ব নালাগে ৷ আমি কেৱল প্ৰতিবাদকাৰীহে বুলি মন্তব্য প্ৰকাশ কৰে ভূপেন গগৈয়ে ৷
"UAPA অধীনত যি গোচৰ ৰুজু কৰা হৈছিল সেই গোচৰ সন্ত্ৰাসবাদ তথা বে-আইনী কাৰ্যকলাপৰ লগত জড়িত থকা লোকৰ বিৰুদ্ধে ৰুজু হ'ব লাগে ৷ আমি সন্ত্ৰাসবাদৰ লগত জড়িত নাই ৷ কেৱল মাত্ৰ প্ৰতিবাদকাৰী আমি, ভাৰতৰ দৰে এখন গণতান্ত্ৰিক দেশত প্ৰতিবাদৰ অধিকাৰ আছে ৷ সেয়েহে চৰকাৰ এটা সিদ্ধান্তৰ বিৰোধিতাৰে আমি প্ৰতিবাদ সাব্যস্ত কৰিছিলো ৷" এইদৰে কয় ভূপেন গগৈয়ে ৷
লগতে পঢ়ক: মুখ্যমন্ত্রীৰ নিৰ্দেশৰ পাছতে মাডাৰ্ছ অ'ল্ড এজ হোমত মন্ত্ৰী অজন্তা নেওগ