ETV Bharat / state

বুঢ়ীদিহিঙৰ জলপৃষ্ঠই ভাবুকি কঢ়িয়াইছে নাহৰকটীয়াৰ জাগুনলৈ - ৰামেশ্বৰ তেলী

বিধায়ক নৰেন সোণোৱাললৈ 80 উৰ্ধৰ আইতাৰ আহ্বান, "আমাক উদ্ধাৰ কৰক" এই সমস্যাৰ পৰা "আমাক ৰক্ষা কৰক"৷

বুঢ়ীদিহিঙৰ জলপৃষ্ঠই ভাবুকি কঢ়িয়াইছে নাহৰকটীয়াৰ জাগুনলৈ
NAHARKATIA FLOOD UPDATE
author img

By

Published : Jun 28, 2020, 7:45 AM IST

নাহৰকটীয়া, 28 জুন: বুঢ়ীদিহিঙৰ জলপৃষ্ঠই ভাবুকি কঢ়িয়াইছে নাহৰকটীয়াৰ জাগুন গাঁৱলৈ ৷ বাৰিষাৰ নেৰা নেপেৰা বৰষুণৰ ফলত উফন্দি উঠিছে বুঢ়ীদিহিঙৰ জলপৃষ্ঠ৷ বুঢ়ীদিহিং নদীয়ে সৃষ্টি কৰা প্ৰৱল গৰাখহনীয়াই এতিয়া নিদ্ৰা হৰণ কৰিছে গাওঁবাসীৰ ৷ নৈৰ পাৰ ভাঙি পানী প্ৰৱেশ কৰিছে লোকসকলৰ ঘৰলৈ ৷ বাঢ়নী পানীয়ে যিকোনো মূহুৰ্তত উটুৱাই নিব পাৰে এই লোকসকলৰ আপোন ঘৰখন ৷ এই চিন্তাতে এতিয়া বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে গাঁওবাসীয়ে ৷

বুঢ়ীদিহিঙৰ জলপৃষ্ঠই ভাবুকি কঢ়িয়াইছে নাহৰকটীয়াৰ জাগুনলৈ

বিগত বৰ্ষত ডিব্ৰুগড় লোক সভাৰ সাংসদ ৰামেশ্বৰ তেলী আৰু স্থানীয় বিধায়ক নৰেন সোণোৱালক গাঁৱবাসীয়ে বহু কাকুটি-মিনতি কৰাত সাংসদ আৰু বিধায়কদ্বয়ে উক্তস্থান পৰিদৰ্শনৰ বাবে আহি ৰাইজৰ এই সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু এইবাৰ পুনৰ বাৰিষা অহা পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে সাংসদ ৰামেশ্বৰ তেলীৰ লগতে নিজকে কাম কৰি ভালপোৱা ব্যক্তি বুলি সভাই সমিতিয়ে যহাই ফুৰা নাহৰকটীয়াৰ বিধায়ক নৰেন সোণোৱালে ৷ ফলত বানত আপোন ঘৰখন হেৰুৱাৰ উপক্ৰম হৈছে জাগুনৰ স্থানীয় বাসিন্দা ৷

NAHARKATIA FLOOD UPDATE
বুঢ়ীদিহিঙৰ জলপৃষ্ঠই ভাবুকি কঢ়িয়াইছে নাহৰকটীয়াৰ জাগুনলৈ

বুঢ়ীদিহিং নৈৰ জলপৃষ্ঠ এনেদৰে বাঢ়ি থাকিলে অতি কম সময়ৰ ভিতৰতে নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিব পাৰে জাগুনৰ মূখ্য পথটো ৷ তাৰ পিছত হয়টো কেৱল নাহৰকটীয়াৰ মানচিত্ৰতহে ৰৈ যাব জাগুন গাঁৱখনৰ নাম৷ ইফালে নিৰ্বাচনৰ সময়ত মই ৰাইজৰ হৈ কাম কৰিম বুলি ভোট ভিক্ষা খোজা স্থানীয় বিধায়কলৈ এতিয়া 80 উৰ্ধৰ এগৰাকী আইতাৰ আহ্বান, "আমাক উদ্ধাৰ কৰক" এই সমস্যাৰ পৰা "আমাক ৰক্ষা কৰক" ৷

লগতে পঢ়ক: ভাৰত মাতৃৰ সুযোগ্য সন্তান আৰু এজন ফ্ৰেইণ্ড, ফিল’ছফাৰ, গাইডলৈ শ্ৰদ্ধাঞ্জলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.