মৰাণ ,৭ মে'ঃ মৰাণ সমষ্টিৰ নাহৰণি গাওঁ পঞ্চায়তৰ অন্তৰ্গত কৰ্দৈগুৰিৰ এখন জৰাজীৰ্ণ বাঁহৰ দলঙে জীয়াতু ভোগাইছে অঞ্চলবাসীক । কৰ্দৈগুৰি আৰু ন-পথাৰ সংযোগী ডিমৌ নদীৰ ওপৰত থকা এই ভগ্ন দলংখনে দীৰ্ঘদিনৰ পৰা জীয়াতু ভোগাই আহিছে প্ৰায় কুৰিৰো অধিক গাঁৱৰ ৰাইজক । ভগ্ন বাঁহৰ দলং খনৰ পৰা পৰি ইতিমধ্যে কেইবাজনো লোক আহত হ'ব লগা হৈছে । অসম গণ পৰিষদ চৰকাৰৰ দিনৰ পৰা বৰ্তমানৰ বিজেপি চৰকাৰখনৰ লৈকে প্ৰতিজন জনপ্ৰতিনিধিকে স্থানীয় ৰাইজে এই দলং খন পকীকৰণৰ বাবে বহু আবেদন নিবেদন কৰিছে যদিও কোনো এখন চৰকাৰেও গুৰুত্ব দিয়া নাই । যাৰ ফলত অনেক কষ্টেৰে যাতায়ত কৰিব লগা হৈছে ৰাইজে ।
শেহতীয়াকৈ পৰিৱৰ্তনকামী চৰকাৰখনৰ বিধায়ক চক্ৰধৰ গগৈক ৰাইজে ভগ্ন দলংখন নিৰ্মাণৰ বাবে বহুবাৰ অনুৰোধ কৰিছে যদিও বিধায়কজনে ৰাইজৰ অনুৰোধক কোনো গুৰুত্ব দিয়া নাই । ইফালে এই সন্দৰ্ভত বিধায়কৰ কাষ চাপিলে কটু বাক্যহে শুনাই বুলি অভিযোগ কৰিছে ৰাইজে । সেয়ে এই ভগ্ন দলংখন নিৰ্মাণৰ ক্ষেত্ৰত অসম চৰকাৰৰ সহযোগিতা কামনা কৰিছে ৰাইজে ।