ETV Bharat / state

ডিব্ৰুগড়ত কংগ্ৰেছৰ "বুথ সংকল্প শিবিৰ"

ডিব্ৰুগড়ত কংগ্ৰেছৰ "বুথ সংকল্প শিবিৰত প্ৰায় দুই সহস্ৰাধিক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷ লেকাই থাকুৰ থানস্থিত প্ৰেক্ষাগৃহত কংগ্ৰেছ দলে আয়োজন কৰে এই বুথ সংকল্প শিবিৰ ৷

ডিব্ৰুগড়ত কংগ্ৰেছৰ "বুথ সংকল্প শিবিৰ"
ডিব্ৰুগড়ত কংগ্ৰেছৰ "বুথ সংকল্প শিবিৰ"
author img

By

Published : Feb 21, 2021, 9:34 PM IST

ডিব্ৰুগড়,21 ফেব্ৰুৱাৰী: সম্প্ৰতি নিৰ্বাচনৰ বাবে সকলো ৰাজনৈতিক দলে টঙালি বন্ধা পৰিলক্ষিত হৈছে । ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিত আজি ভাৰতীয় কংগ্ৰেছ দলে বিশাল কৰ্মী সভাৰে নিৰ্বাচনী ৰণডংকা বজাইছে ।

ডিব্ৰুগড়ত কংগ্ৰেছৰ
ডিব্ৰুগড়ত কংগ্ৰেছৰ "বুথ সংকল্প শিবিৰ"

উল্লেখ্য যে, বিজেপিৰ দখলত থকা সমষ্টিটো কংগ্ৰেছৰ দখললৈ আনিবলৈ কংগ্ৰেছ কৰ্মীসকলে সৰ্বতোপ্ৰকাৰে প্ৰচেষ্টা চলোৱা পৰিলক্ষিত হৈছে । লেকাই থাকুৰ থানস্থিত প্ৰেক্ষাগৃহত কংগ্ৰেছ দলে আয়োজন কৰা 'বুথ সংকল্প শিবিৰ'ত সমষ্টিটোৰ প্ৰায় দুই সহস্ৰাধিক দলীয় কৰ্মী আৰু সমৰ্থকে অংশ গ্ৰহণ কৰি আগন্তক নিৰ্বাচনৰ বাবে বিজেপি দলক প্ৰত্যাহ্বান জনাবলৈ সাজু হয় । এই শিবিৰত কংগ্ৰেছৰ প্ৰাক্তন মন্ত্রী পৱন সিং ঘাটোৱাৰ, এপি চি চি ৰ সম্পাদিকা পলি হাজৰিকা, নিৰীক্ষক লক্ষ্মন পেটেল, যুৱনেতা মনোজ ধানোৱাৰকে ধৰি বহু ব্যক্তি উপস্থিত থাকি শাসকীয় বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে ।

লগতে পঢ়ক:আৰক্ষীৰ বাধাৰ বাবে অনুষ্ঠিত নহ’ল পৰেশ বৰুৱাৰ সংবাদমেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.