ETV Bharat / state

চাবুৱাত বিশ্ব ৰক্তদান দিৱস পালন - চাবুৱা টাটা চিকিৎসালয়ত বিশ্ব ৰক্তদান দিৱস

প্ৰতিবছৰে 14 জুনত বিশ্ব ৰক্তদান দিৱস পালন কৰা হয় ৷ নবেল বঁটা বিজয়ী বিজ্ঞানী কাৰ্ল লেণ্ডষ্টেইনাৰৰ স্মৃতিত এই দিৱস পালন কৰা হয় ৷

blood-donation-camp-at-chabua
চাবুৱাত বিশ্ব ৰক্তদান দিৱস পালন
author img

By

Published : Jun 15, 2021, 9:13 AM IST

Updated : Jun 15, 2021, 9:39 AM IST

মৰাণ,15 জুন : ৰক্তদানৰ দৰে মহান কামৰ প্ৰতি আগ্ৰহ বৃদ্ধিৰ বাবে প্ৰতিবছৰে 14 জুনত বিশ্ব ৰক্তদান দিৱস পালন কৰা হয় ৷ নবেল বঁটা বিজয়ী বিজ্ঞানী কাৰ্ল লেণ্ডষ্টেইনাৰৰ জন্ম বাৰ্ষিকীত এই দিৱস পালন কৰা হয় ৷ কাৰ্ল লেণ্ডষ্টেইনাৰ আছিল এজন প্ৰখ্যাত জীৱ বিজ্ঞানী, তেওঁ আছিল তেজৰ গ্ৰুপৰ আবিষ্কাৰক ৷

2004 চনত বিশ্ব স্বাস্থ্য সংস্থাই পোন প্ৰথমবাৰৰ বাবে বিশ্ব ৰক্তদান দিৱসৰ আৰম্ভণি কৰে ৷ তেতিয়াৰে পৰা এই দিৱস প্ৰতিবছৰে পালন কৰি অহা হৈছে ৷ 1968 চনৰ 14 জুনত জন্ম লাভ কৰা জীৱ বিজ্ঞানীগৰাকীৰ জন্মদিনটোতে বিশ্ব ৰক্তদান দিৱস পালন কৰি অহা হৈছে ৷ গোটেই বিশ্বজুৰি এই দিনটোত বিভিন্ন কাৰ্যসূচীৰে বিশ্ব ৰক্তদান দিৱস পালন কৰা হয় ৷

সোমবাৰে এই দিৱসৰ লগত সংগতি ৰাখি ডিব্ৰুগড় জিলাৰ চাবুৱা টাটা চিকিৎসালয়ত বিশ্ব ৰক্তদান দিৱস উপলক্ষে ৰক্তদান শিবিৰ কাৰ্যসূচী ৰূপায়ণ কৰে নৱজীৱন ৰক্তদাতা বেচৰকাৰী সংস্থাটোৱে ৷ সংস্থাটোৰ সভাপতি অৰূপ দে আৰু সম্পাদক জ্ঞানমনি দাসৰ নেতৃত্বত 30 জনীয়া এটা দলে ডিব্ৰুগড় আৰু চাবুৱাত ৰক্তদান কৰে ৷

লগতে পঢ়কঃ বিদ্যুৎ চুৰিৰ ক্ষেত্ৰত কঠোৰ হ'ব ৰাজ্য চৰকাৰ

Last Updated : Jun 15, 2021, 9:39 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.