ETV Bharat / state

নামৰূপ সাৰ কাৰখানাৰ পৰাই চলিছে ৰাসায়নিক সাৰৰ বৃহৎ ক'লা বজাৰ - শ্ৰমিক ইউনিয়ন

সৰিয়হৰ ডুলিতেই ভূত ৷ নামৰূপ সাৰ কাৰখানৰ পৰাই চলিছে ৰাসায়নিক সাৰৰ বৃহৎ ক'লা বজাৰ ৷ সাৰ কাৰখানাৰ মাৰ্কেটিং বিভাগৰ পৃষ্ঠপোষকতাতেই চলিছে সাৰৰ বৃহৎ ক'লা বজাৰ ৷ সাৰৰ চোৰাং বেহা চলোৱাৰ অপৰাধত গ্ৰেপ্তাৰ সাৰ উদ্যোগটোৰ চীফ মাৰ্কেটিং মেনেজাৰ, এৰিয়া মেনেজাৰসহ ঠিকাদাৰ ৷

Namrup fertilizer industry
নামৰূপ সাৰ কাৰখানা
author img

By

Published : Sep 2, 2021, 10:11 PM IST

মৰাণ, 2 ছেপ্টেম্বৰ : ২৮ আগষ্টত নামৰূপ সাৰ কাৰখানাৰ পৰা ৰেল যোগে তিনিচুকীয়ালৈ সৰবৰাহ হৈছিল প্ৰায় ১৩০০ মেট্ৰিকটন ইউৰিয়া । প্ৰায় ২১ টাকৈ দবাত এই ইউৰিয়া সমূহ লৈ যোৱা হৈছিল সাৰৰ বিভিন্ন ডিলাৰক যোগান ধৰাৰ উদ্দেশ্যেৰে । কিন্তু নামৰূপ সাৰ কাৰখানাৰ শ্ৰমিক ইউনিয়নে তিনিচুকীয়াত অভিযান চলাই ৰেলৰ দবাত ৯৯০ বেগ চোৰাং ইউৰিয়া উদ্ধাৰ কৰিছিল । ৬ টাকৈ দবাত উদ্ধাৰ এই বৃহৎ পৰিমানৰ ইউৰিয়া ।

উল্লেখ্য যে, সাৰ পৰিবাহী ৰেলৰ এটা ৰেকত থাকে ৪৫ কেজি ওজনৰ ১৪০০ বেগ ইউৰিয়া । কিন্তু ৰহস্যজনকভাৱে ২৮ আগষ্টৰ দিনা ৬ টাকৈ দবাত ৮৪০০ বেগৰ বিপৰীতে অতিৰিক্ত ভাৱে ৯৯০ বেগ চোৰাং ইউৰিয়া উদ্ধাৰ হয় । এই সন্দৰ্ভত শ্ৰমিক ইউনিয়নৰ হেঁচাত নামৰূপ সাৰ কাৰখানা কৰ্তৃপক্ষই নামৰূপ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে । এই গোচৰৰ ভিত্তিত নামৰূপ আৰক্ষীয়ে বুধবাৰে নিশা সাৰ উদ্যোগটোৰ চীফ মাৰ্কেটিং মেনেজাৰ অক্ষয় কুমাৰ সিং, এৰিয়া মেনেজাৰ লক্ষী প্ৰসাদ গগৈ আৰু ৰেলেৰে সাৰ সৰবৰাহৰ কৰা ঠিকাদাৰ উৎপল চেতিয়াক সোধপোচৰ বাবে আটক কৰে ৷

নামৰূপ সাৰ কাৰখানাৰ পৰাই চলিছে ৰাসায়নিক সাৰৰ বৃহৎ ক'লা বজাৰ

প্ৰথমে আটক কৰিছিল যদিও পৰৱৰ্তী সময়ত বৃহস্পতিবাৰে ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/৪২০/৪০৬/৪০৯ ধাৰাত ১১১/২১ নম্বৰ গোচৰত গ্ৰেপ্তাৰ কৰে । ইফালে উত্থাপিত অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি নামৰূপ সাৰ কাৰখানাৰ মাৰ্কেটিং বিভাগৰ এগৰাকী শীৰ্ষ বিষয়াৰ নেতৃত্বত নামৰূপ সাৰ কাৰখানাৰ পৰাই চলিছে সাৰৰ এই বৃহৎ ক’লা বজাৰ ।

নামৰূপৰ পৰা চোৰাং ভাৱে বাংলাদেশ, ম্যানমাৰ, নাগালেণ্ড আদিলৈ সৰবৰাহ হয় চোৰাংকৈ সাৰ ৷ এই সাৰৰ বৃহৎ ক'লা বজাৰৰ বাবেই তিল তিল কৈ মৃত্যুৰ মুখলৈ গতি কৰিছে নামৰূপ সাৰ কাৰখানা । জানিব পৰা মতে, নামৰূপ সাৰ কাৰখানাই প্ৰস্তুত কৰা ২৬৮ টকা মূল্যৰ ৪৫ কেজি ওজনৰ প্ৰতিবেগ ইউৰিয়া নাগালেণ্ডৰ চোৰাং বজাৰত ১৭০০ টকাত বিক্ৰী হয় ৷

ইতিমধ্যে আৰক্ষীয়ে প্ৰকাশ কৰা মতে, এই তিনি ব্যক্তিৰ উপৰিও অতি শীঘ্ৰে জালত পৰিব সাৰৰ চোৰাং বেহাত জড়িত নামৰূপ সাৰ কাৰখানাৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া । অৱশ্যে এই সন্দৰ্ভত সাৰ উদ্যোগটোৰ শীৰ্ষ মহলে সংবাদ মাধ্যমৰ আগত মুখ খোলাৰ পৰা বিৰত আছে । আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব সকলো তথ্য ।
লগতে পঢ়ক : অৱশেষত আৰক্ষীৰ হাতত পৰিল আব্দুল গণিৰ সন্দেহজনক পথ দুৰ্ঘটনাৰ চালক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.