ETV Bharat / state

সমাগত নিৰ্বাচনৰ প্ৰাকমূহুৰ্ততহে চাহ শ্ৰমিকলৈ মনত পৰিছে মন্ত্ৰী-বিধায়কৰ!

author img

By

Published : Nov 1, 2020, 1:46 PM IST

মৰাণ বিধানসভা সমষ্টিৰ খোৱাঙত শনিবাৰে বিজেপি চাহ মৰ্চাৰ সভা আয়োজন ৷ চাহ শ্ৰমিকৰ সকলো সমস্যা এটা এটাকৈ বিজেপি চৰকাৰে সমাধান কৰিবলৈ চেষ্টা কৰিছে আৰু কৰি যাব বুলি সভাত মন্তব্য কৰে সাংসদ কামাখ্যা প্ৰসাদ তাচাই ৷

BJP tea morcha Meeting held at Moran
মৰাণত বিজেপি চাহ মৰ্চাৰ সভা

মৰাণ,1 নৱেম্বৰ : সমাগত 21ৰ বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগেই ৰাজ্যৰ আন ৰাজনৈতিক দলৰ তুলনাত বিজেপি দলে অধিক ৰাজনৈতিক তৎপৰতাৰে নিৰ্বাচনী কুচ-কাৱাজ আৰম্ভ হোৱা পৰিলক্ষিত হৈছে । ৰাজ্যৰ বিভিন্ন ঠাইত এখনৰ পাছত আন এখন দলীয় সভা অনুষ্ঠিত কৰি দলৰ ভেটি শক্তিশালী কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে বিজেপিয়ে ।

BJP tea morcha Meeting held at Moran
মৰাণত বিজেপি চাহ মৰ্চাৰ সভা

শনিবাৰে মৰাণ বিধানসভা সমষ্টিৰ খোৱাঙত অনুষ্ঠিত হয় বিজেপি চাহ মৰ্চাৰ সভা । খোৱাং চাহ বাগিছা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সভাখনত উজনি অসমৰ সাংসদ, বিধায়ক, দলৰ জ্যেষ্ঠ নেতা আদি সকলো উপস্থিত হয় ৷

BJP tea morcha Meeting held at Moran
মৰাণত বিজেপি চাহ মৰ্চাৰ সভা

সভাত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ, বিমল বৰা, ৰিতুপৰ্ণ বৰুৱা, টেৰজ গোৱলা, সোণোৱাল কছাৰী স্বায়ত্ব পৰিষদৰ কাৰ্যবাহী সদস্য দিপু ৰঞ্জন মাক্ৰাৰি, ডিব্ৰুগড় জিলাৰ অন্যান্য পিছপৰা শ্ৰেণী ব’ৰ্ডৰ অধ্যক্ষ অসীম হাজৰিকা, জিলা বিজেপিৰ উপ-সভাপতি প্ৰশান্ত গগৈৰ লগতে বহু জ্যেষ্ঠ বিজেপি নেতা ।

BJP tea morcha Meeting held at Moran
মৰাণত বিজেপি চাহ মৰ্চাৰ সভা

সভাত সাংসদ কামাখ্যা প্ৰসাদ তাচাই চাহ শ্ৰমিকসকলক উদ্দেশ্যি কয় যে, ‘‘21ত বিজেপি চৰকাৰ অহাৰ ক্ষেত্ৰত বাগিচাৰ ভোটাৰসকলে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব লাগিব । তাৰ বাবে চাহ শ্ৰমিকৰসকল একত্ৰিত হৈ থাকিব লাগিব । চাহ শ্ৰমিকৰ সকলো সমস্যা এটা এটাকৈ বিজেপি চৰকাৰে সমাধান কৰিবলৈ চেষ্টা কৰিছে আৰু কৰি যাব’’।

লগতে পঢ়ক : নামচাইত আৰক্ষীয়ে গুলিয়ালে অসমীয়া ব্যৱসায়ীক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.