ETV Bharat / state

BJP state president at Dibrugarh: ডিব্ৰুগড়ত ক'ভিড প্ৰতিষেধক প্ৰদানৰ বুজ ল'লে বিজেপিৰ ৰাজ্য়িক সভাপতিয়ে

ডিব্ৰুগড়ত উপস্থিত হৈ ক'ভিড প্ৰতিষেধক প্ৰদানৰ বুজ ল'লে বিজেপিৰ ৰাজ্য়িক সভাপতি ভৱেশ কলিতাই (BJP state president at Dibrugarh)।

author img

By

Published : Aug 3, 2022, 7:21 PM IST

Updated : Aug 3, 2022, 8:01 PM IST

BJP state president at Dibrugarh
ডিব্ৰুগড়ত ক'ভিড প্ৰতিষেধক প্ৰদানৰ বুজ ল'লে বিজেপিৰ ৰাজ্য়িক সভাপতিয়ে

ডিব্ৰুগড়, ৩ জুলাই: দলীয় সাংগঠনিক কাম-কাজৰ বুজ লোৱাৰ উদ্দেশ্যে বুধবাৰে ডিব্ৰুগড়ত উপস্থিত হয় বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা । ডিব্ৰুগড়ৰ লাহোৱালত উপস্থিত হৈ সভাপতি ভৱেশ কলিতাই লাহোৱাল প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ক'ভিড প্ৰতিষেধকৰ তৃতীয় পালি প্ৰদান প্ৰক্ৰিয়া বুজ লয়(BJP state president at Dibrugarh)। বিজেপিৰ ৰাজ্যিক সভাপতি কলিতাই স্বাস্থ্য কেন্দ্ৰত থকা চিকিৎসক, স্বাস্থ্যকৰ্মী সকলৰ লগত মত বিনিময় কৰি ৰাইজক সজাগ কৰাৰ লগতে স্বাস্থ্য কৰ্মী সকলক সকলোকে ৰাইজক প্ৰতিষেধক প্ৰদান কৰিবলৈ আহ্বান জনায় ।

উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বৰ ফলতে দেশ আৰু ৰাজ্যজুৰি ক'ভিড টিকাকৰণ সফল ভাৱে চলিছে । ৰাজ্যিক সভাপতি গৰাকীক এই অনুষ্ঠানত সহযোগিতা কৰে লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা, উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, জিলা সভাপতিৰ গৰাকীৰ লগতে দলৰ কৰ্মকৰ্তা সকলে । উল্লেখ্য় যে ডিব্ৰুগড়ত উপস্থিত হোৱা বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে লাহোৱাল আৰু চাবুৱা সমষ্টিৰ দলীয় সাংগঠিনক দিশ সমূহৰ বিষয়ে দলীয় নেতা-কৰ্মীৰ পৰা বুজ ল'ব ।

লগতে পঢ়ক:Andhra gas leak incident: ঔদ্যোগিক এলেকাত গেছ নিৰ্গত হৈ অসুস্থ ৫৩ জন

Last Updated : Aug 3, 2022, 8:01 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.