ETV Bharat / state

সমাগত নিৰ্বাচন বিজেপিৰ বাবে হ’ব সভ্যতা-সংস্কৃতি ৰক্ষাৰ নিৰ্বাচন : হিমন্ত বিশ্ব

দেওবাৰে ডিব্ৰুগড়ত বিজেপি মহিলা মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সামৰণি সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেবিনেট মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাৰী সবলীকৰণৰ লগতে সমাগত নিৰ্বাচন সন্দৰ্ভত মন্তব্য আগবঢ়ায় ৷

BJP Mahila Marcha meeting in Dibrugarh
বিজেপি মহিলা মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সামৰণি সভা
author img

By

Published : Oct 11, 2020, 9:51 PM IST

Updated : Oct 11, 2020, 10:00 PM IST

ডিব্ৰুগড়,11 অক্টোবৰ: ডিব্ৰুগড়ৰ চৌকিডিঙী খেলপথাৰত দেওবাৰে অনুষ্ঠিত হোৱা বিজেপি মহিলা মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সামৰণি সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেবিনেট মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ সভাত ডিব্ৰুগড়ৰ পৰাই মহিলা মৰ্চাই নিৰ্বাচনী ৰণত জয়ী হোৱাৰ পণ লয় ৷

সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী সোণোৱালে সমাজ উত্তৰণৰ ক্ষেত্ৰত নাৰীৰ ভূমিকা অপৰিহাৰ্য বুলি উল্লেখ কৰি নাৰী সবলীকৰণৰ বাবে চৰকাৰে বহু আঁচনি ৰূপায়ন কৰা হৈছে বুলি মন্তব্য কৰে ।

বিজেপি মহিলা মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সামৰণি সভা

আনহাতে সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে,‘‘ৰাজ্যত আজমলে ঔৰংজেৱৰ দৰে সভ্যতা-সংস্কৃতিৰ বীজ বিয়পাই অসমখন ধ্বংস কৰিব বিচাৰিছে । 2016 চনত বিজেপিয়ে শৰাইঘাটৰ ৰণৰ কথা কৈছিল যদিও এই যুদ্ধ 5 বছৰত শেষ হোৱা নাই । 2021ৰ নিৰ্বাচন বিজেপিৰ বাবে হ’ব অসমৰ সভ্যতা-সংস্কৃতি ৰক্ষাৰ নিৰ্বাচন । এয়া আঁচনিৰ নিৰ্বাচন নহয়’’।

এই কাৰ্যনিৰ্বাহকৰ সভাত ৰাজ্যখনৰ 15,000 প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ লগতে অন্তিম দিনৰ কাৰ্যসূচীত উপস্থিত থাকে মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী সঞ্জয় কিষাণ, যোগেন মহন, বিধায়িকা আঙুৰলতা ডেকা, সুমন হৰিপ্ৰিয়া, নৱনীতা সন্দিকৈসহ বিজেপিৰ বহু সংখ্যক ৰ্শীষ নেতৃত্ব ৷

লগতে পঢ়ক: গছৰ ডালেৰে গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা নৈ পৰীয়াৰ

Last Updated : Oct 11, 2020, 10:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.