ETV Bharat / state

ডিব্ৰুগড়ত উপস্থিত ৰাজ্যিক প্রভাৰী বৈজয়ন্ত জয় পাণ্ডা - ভাৰতীয় জনতা পাৰ্টী

ডিব্ৰুগড়ৰ ইণ্ডিয়া ক্লাবত ডিব্ৰুগড়ৰ 7 টা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাৰ সকলৰ লগত এখনি গুৰুত্বপূৰ্ণ কাৰ্যকৰ্তা মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাষ্ট্ৰীয় উপ-সভাপতি তথা ৰাজ্যিক প্রভাৰী বৈজয়ন্ত জয় পাণ্ডাই ।

bjp-leader-baijayanta-jay-panda-attended-a-meeting-in-dibrugarh
ডিব্ৰুগড়ত উপস্থিত ৰাজ্যিক প্রভাৰী বৈজয়ন্ত জয় পাণ্ডা
author img

By

Published : Jan 5, 2021, 9:16 PM IST

ডিব্ৰুগড়, 5 জানুৱাৰী : আগন্তুক বিধানসভা নিৰ্বাচনলৈ মাজত কেইটামান মাহ বাকী থকাৰ সময়তে নিৰ্বাচনী ৰণকৌশলত নামি পৰিছে শাসকীয় দল বিজেপি চৰকাৰ ৷ মঙলবাৰে ডিব্ৰুগড়ৰ ইণ্ডিয়া ক্লাবত ডিব্ৰুগড়ৰ 7 টা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাৰ সকলৰ লগত এখনি গুৰুত্বপূৰ্ণ কাৰ্যকৰ্তা মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাষ্ট্ৰীয় উপ-সভাপতি তথা ৰাজ্যিক প্রভাৰী বৈজয়ন্ত জয় পাণ্ডাই ।

ৰাজ্যিক প্রভাৰী বৈজয়ন্ত জয় পাণ্ডাৰ মন্তব্য

অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে বিধায়ক প্ৰশান্ত ফুকন, ঋতুপৰ্ণ বৰুৱা আদিকে কৰি ডিব্ৰুগড়ৰ 7 টা সমষ্টিৰ কাৰ্যকতা উপস্থিত থাকে । প্ৰতি গৰাকী বিধায়কৰ সৈতে পৃথকে পৃথকে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় ৰাজ্যিক প্ৰভাৰী গৰাকীয়ে ।

ইফালে, আগন্তুক নিৰ্বাচনত ৰাজ্যত 100+ আসন লাভ কৰি পুনৰ ৰাজ্যত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ গঠন কৰা হ'ব বুলি ৰাজ্যিক প্ৰভাৰী গৰাকীয়ে মন্তব্য দাঙি ধৰে সংবাদ মাধ্যমৰ আগত । লগতে, 'কা' বিৰোধী আন্দোলন আৰু ৰাজ্যৰ নতুন আঞ্চলিক ৰাজনৈতিক দলে ভাৰতীয় জনতা পাৰ্টীৰ ওপৰত কোনো প্ৰভাৱ নপৰে বুলিও স্পষ্ট মত দাঙি ধৰে ৰাজ্যিক প্ৰভাৰী গৰাকীয়ে ।

লগতে পঢ়ক : কেম্প ফায়াৰৰে সামৰণি পৰিল চানডুবি মহোৎসৱৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.