ETV Bharat / state

বিমল বৰাৰ মংগল কামনাৰে নাম-প্ৰসংগ

author img

By

Published : Mar 22, 2021, 7:33 PM IST

বিধানসভা নিৰ্বাচনত জয়ী হোৱাৰ বাবে এতিয়া প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰ চলাই ৰাইজক আকৃষ্ট কৰাৰ প্ৰয়াস কৰা দেখা গৈছে । কিন্তু টিংখাঙত পৰিলক্ষিত হৈছে ইয়াৰ বিপৰীত দৃশ্য । বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিমল বৰাৰ বিজয় তথা মংগল কামনাৰে এইবাৰ নাম-প্ৰসংগ কৰিলে ৰাইজে ।

টিংখাঙত প্ৰাৰ্থী বিমল বৰাৰ মংগল কামনাৰে নাম-প্ৰসংগ ৰাইজৰ

টিংখাং,২২ মাৰ্চ: হৰিনামৰ ধ্বনিৰে মুখৰিত ডিব্ৰুগড়ৰ টিংখাঙৰ ঔগুৰি বৰ নামঘৰ । টিংখাঙৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিমল বৰাৰ মংগল কামনাৰে নাম-প্ৰসংগ কৰিলে ৰাইজে । বিগত পাঁচ বছৰে টিংখাং সমষ্টিৰ উন্নয়নৰ হকে আগবঢ়োৱা অৱদানৰ বাবে আকৌ এবাৰ বিমল বৰাক বিধায়ক হিচাপে নিৰ্বাচিত হোৱাটো কামনা কৰিছে টিংখাঙৰ ৰাইজে ।

সেয়ে, টিংখাঙৰ ঔগুৰিৰ বৰ নামঘৰত নৈবেদ্য আগবঢ়াই ভগৱানৰ ওচৰত ৰাইজে সেৱা জনালে । বিমল বৰাই দ্বিতীয়বাৰৰ বাবে পুনৰ বিধানসভা নিৰ্বাচনত বিজয়ী হোৱাৰ কামনাৰে এনেদৰে ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰি ৰাইজে ঈশ্বৰৰ শৰণাপন্ন হৈছে । আনহাতে, ৰাইজৰ এনে পদক্ষেপে বিজেপি প্ৰাৰ্থীগৰাকীৰ জনপ্ৰিয়তাৰ বিষয়ে আভাষ পোৱা গৈছে ।

লগতে পঢ়ক: সীমা সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি নন্দিতা দাসৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.