ডিব্ৰুগড়, 20 জুন : আজি সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ 54 সংখ্যক মৃত্যু তিথি ৷ সমগ্ৰ ৰাজ্যতে পালন কৰা হৈছে সৈনিক শিল্পীগৰাকীৰ মৃত্যু তিথি । জনতাৰ শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু তিথিৰ দিনটোত বিপ্লৱী শিল্পীগৰাকীক শ্ৰদ্ধাৰে সুঁৱৰিছে সকলোৱে । বহুতে শিল্পীজনৰ সৈতে পাৰ কৰা সময়ৰ কথাবোৰ স্মৰণ কৰি আৱেগিক হৈ উঠা পৰিলক্ষিত হৈছে । একেদৰে ডিব্ৰুগড় জিলাৰ খোৱাং গন্দৈগুৰি গাঁওবাসীয়ে আজিৰ বিশেষ দিনটোত বিশেষভাৱে সুঁৱৰিছে কমিউনিষ্ট ৰাভাক ।
সংবাদ মাধ্যমৰ আগত খোৱাং গন্দৈগুৰি গাঁওবাসীয়ে বিষ্ণু ৰাভাই সংগ্ৰাম চলায় থকা সময়ত খোৱাং গন্দৈগুৰি গাঁওৰ বিশ্বেশ্বৰ শইকীয়া (বিয়াগুন)ৰ ঘৰত আশ্ৰয় লৈ সংগ্ৰামৰ কামকাজ চলায় নিছিল বুলি উল্লেখ কৰে । গন্দৈগুৰি গাঁওৰ মাজেৰে পাৰ হৈ যোৱা ডিমৌ নদীৰ পাৰতে বহি শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাই বৰশী টুপাই সময় পাৰ কৰিছিল বুলিও কয় গঞা ৰাইজে । পৰৱৰ্তী সময়ত 'সোণপাহী' উপন্যাসত ৰাভাদেৱে কাল্পনিকভাৱে খোৱাং গন্দৈগুৰি গাঁওত থকা সময়ৰ স্মৃতিবোৰ উল্লেখ কৰিছে বুলি ইতিহাসবিদৰ লগতে খোৱাঙৰ ৰাইজে দাবী কৰে । সেয়ে গন্দৈগুৰি গাঁওৰ ৰাইজে বিষ্ণুপ্ৰসাদ ৰাভাই বৰশী বোৱা ডিমৌ নদীৰ উক্ত ঠাইখিনিক সোণপাহী ঘাটৰূপে নামকৰণ কৰি ফলক স্থাপন কৰিছে ।
দুৰ্ভাগ্যজনক বিষয় যে, খোৱাঙৰ ৰাইজে নামকৰণ কৰা বিষ্ণু ৰাভাৰ স্মৃতি বিজড়িত সোণপাহী ঘাটটো সংৰক্ষণৰ দাবী উত্থাপিত হৈ আহিছে যদিও আজি পৰ্যন্ত চৰকাৰে এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি আক্ষেপ প্ৰকাশ কৰে । উল্লেখ্য যে, বিষ্ণু প্ৰসাদ ৰাভাৰ স্মৃতি বিজড়িত এই সোণপাহি ঘাটতে মৰাণহাট প্ৰেছ ক্লাৱে আজি বিষ্ণুৰাভা দিৱসৰ সৈতে সংগতি ৰাখি ‘সোণপাহি ঘাটলৈ যাওঁ বলক’ শীৰ্ষক এক ব্যতিক্ৰমী কাৰ্যসূচী হাতত লৈছে ৷ ইয়াৰ বাবে যাৱতীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে বুলি জানিবলৈ দিছে আয়োজকসকলে ।
ৰাজহ চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া, জিলা উন্নয়ন আয়ুক্ত, পঞ্চায়ত প্ৰতিনিধি তথা স্থানীয় কেইবাটাও সংগঠনৰ নেতাসকল উপস্থিত থাকিব লগা অনুষ্ঠানটোত দিনযোৰাকৈ কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে ।
লগতে পঢ়ক : Bishnu Prasad Rabha : সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাক মৃত্যু বাৰ্ষিকীত স্মৰণ