ETV Bharat / state

নাহৰকটীয়াৰ ষষ্ঠ শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ মৃত্যুক কেন্দ্ৰ কৰি আজিও প্ৰতিক্ৰিয়া অব্যাহত

author img

By

Published : Aug 20, 2022, 6:15 PM IST

নাহৰকটীয়াৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী দীক্ষিতা গগৈৰ মৃত্যুক কেন্দ্ৰ কৰি আজিও অব্যাহত আছে প্ৰতিক্ৰিয়া (Naharkatia girl student death case) । শনিবাৰে মৃত ছাত্ৰীগৰাকীৰ গৃহত উপস্থিত হয় টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰ (TAYPA president visited death student home in Naharkatia) ।

TAYPA
TAYPA

মৰাণ, ২০ আগষ্ট : নাহৰকটীয়াৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী দীক্ষিতা গগৈৰ মৃত্যুক কেন্দ্ৰ কৰি আজিও অব্যাহত আছে প্ৰতিক্ৰিয়া (Reactions continues for student death case from Naharkatia)। শনিবাৰে মৃত ছাত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হয় টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰ (TAYPA president visited death student home in Naharkatia) ।

কেন্দ্ৰীয় সমিতিৰ সভাপতিগৰাকীয়ে সমগ্ৰ বিষয়টোক গৰিহণা প্ৰদান কৰাৰ লগতে দোষীক ফাষ্ট ট্ৰেক আদালতৰ দ্বাৰা বিচাৰ কৰিবলৈও দাবী জনায় (TAYPA demanded fast track court for judgement) । ইয়াৰ উপৰি মৃত ছাত্ৰীগৰাকীৰ বাসগৃহত আৰক্ষীৰ এগৰাকীও উচ্চপদষ্ঠ বিষয়া উপস্থিত নোহোৱাত দুখ প্ৰকাশ কৰে টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে ।

নাহৰকটীয়াৰ ষষ্ঠ শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ মৃত্যুক কেন্দ্ৰ কৰি আজিও প্ৰতিক্ৰিয়া অব্যাহত

ইফালে এই সমগ্ৰ বিষয়টোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হস্তক্ষেপ কৰাৰ লগতে চি আই ডিক (CID) হস্তান্তৰ কৰিবলৈ দাবী উত্থাপন কৰে (TAYPA demanded CM intervention of Naharkatia student case) । উল্লেখযোগ্য যে যোৱা ৮ আগষ্ট তাৰিখে নাহৰকটীয়া চহৰত এগৰাকী ছাত্ৰীৰ ৰহস্যজনক মৃত্যু আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ঘটনাৰ লগত জড়িতৰ সন্দেহত ১৩ আগষ্টত এগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে সমগ্ৰ অঞ্চলটোতে (Mysterious death of student in Naharkatia town) ।

নাহৰকটীয়া চহৰৰ মাজমজিয়াত থকা এটা ভাড়াঘৰত ঘৰত কোনো নথকা অৱস্থাত ডিঙিত চিপ লগোৱা অৱস্থাত ১৩ বছৰীয়া কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত প্ৰথমাৱস্থাত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰাৰ ভিত্তিত নাহৰকটীয়া থানাই এক গোচৰ ৰুজু কৰি মৃতদেহটো মৰুণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

কিন্তু ছাত্ৰীগৰাকীৰ মৃত্যুৰ পিছৰে পৰা সংজ্ঞাহীন হৈ পৰা মাতৃগৰাকী ক্ৰমাৎ সুস্থ হৈ উঠাৰ পিছত কিশোৰীগৰাকীৰ অভিভাৱকে পুনৰ এক গোচৰ ৰুজু কৰি তেওঁক তেওঁলোকে বাস কৰা ভাড়াঘৰটোৰ মালিকৰ পুত্ৰই হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি নাহৰকটীয়া থানাত এক হত্যাৰ গোচৰ ৰুজু কৰে ।

পৰিয়ালটোৰ এই গোচৰৰ ভিত্তিত নাহৰকটীয়া থানাই ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২ ধাৰাৰ অধীনত এক হত্যাকাণ্ডৰ গোচৰ ৰুজু কৰি অভিযুক্ত সুব্ৰত দেৱ নামৰ ব্যক্তিগৰাকীক গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ এটা বিশেষ দলে সোধা-পোছা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :এমাহত আৰক্ষীৰ জালত ১২ গৰাকী ঘোচখোৰ চাকৰিয়াল

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.