মৰাণ,২৯ মাৰ্চ: এফালে নিৰ্বাচনৰ গৰম বতাহ, আনফালে চেনেহৰ ৰঙালী বিহু অসমীয়াৰ দুৱাৰডলিত । নিৰ্বাচনী ধামখুমীয়াৰ মাজত ৰাজ্যবাসী সাজু হৈছে হেঁপাহৰ ৰঙালী বিহুটি উদযাপন কৰিবলৈ । বাজিব ধৰিছে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ঢোলৰ গুমগুমণি ৷ আখৰাত ব্যস্ত এতিয়া সকলো ।
মৰাণৰ বেজপথাৰৰ ঐতিহাসিক বেজদলৰ বাকৰিত এতিয়া চলিছে বিহুৰ আখৰা । বেজপথাৰ প্ৰতিভা বিকাশ মঞ্চ আৰু জ্ঞান অংকুৰণ সংগীত বিদ্যালয়ৰ উদ্যোগত আয়োজন কৰা হৈছে বিহু নৃত্য আৰু ঢোলবাদন কৰ্মশালা । ডিমৌৰ বৰ বিহুৱতী পল্লৱিকা গগৈয়ে কণ-কণ শিক্ষাৰ্থীসকলক বিহু নৃত্যৰ প্ৰশিক্ষণ দিয়ে । স্থানীয় বিহুৱা দীপ বৰুৱাৰ লগতে সংগীসকলে ঢোল বাদনৰ প্ৰশিক্ষণ প্ৰদান কৰে । কণমানিসকলক হুঁচৰিৰ প্ৰশিক্ষণ দিয়াৰ লগতে চোতাল আৰু মঞ্চত পৰিৱেশন কৰিব পৰাকৈ হুঁচৰি দল সাজু কৰা হৈছে কৰ্মশালাখনিৰ জৰিয়তে ।