মৰাণ, 9 নৱেম্বৰঃ তাই আহোম ছাত্ৰ সন্থা (আটাছু) চৰাইদেউ জিলাৰ দ্বি-বাৰ্ষিক অধিৱেশনখন দেওবাৰে আটাছু মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত মৰাণৰ মিলিত শিল্পী সমাজৰ নাট্য মন্দিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায় । হৰেকৃষ্ণ ফুকনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত আটাছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি লিটুল বুঢ়াগোহাঁই আৰু সম্পাদক মনোজ গগৈ উপস্থিত থাকি জনজাতিকৰণৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য দাঙি ধৰে ।
![আটাছুৰ চৰাইদেউ জিলাৰ দ্বি-বাৰ্ষিক অধিৱেশন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9481616_moraan.jpg)
কেন্দ্ৰীয় সমিতিৰ নেতাদ্বয়ে জনজাতিকৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব বুলি স্পষ্ট কৰি দিয়াৰ লগতে তাই আহোম ছাত্ৰ সন্থা কোনো ৰাজনৈতিক দলৰ লগত নাই বুলি সদৰী কৰে । লগতে নতুনকৈ গঠিত হোৱা অসমৰ আঞ্চলিক ৰাজনৈতিক দল কেইটাক শুভেচ্ছা জ্ঞাপন কৰে নেতাদ্বয়ে ।
আনহাতে চৰকাৰক কটু সমালোচনা কৰি নেতাদ্বয়ে কয় যে পৰিৱৰ্তনকামী চৰকাৰে শাসনৰ বাঘজৰী হাতত লোৱাৰ পূৰ্বে জনজাতিকৰণ কৰা আৰু তাই আহোম জনগোষ্ঠীটোক আগুৱাই নিয়াত যি প্ৰতিশ্ৰুতি দিছিল সেইয়া কেৱল প্ৰতিশ্ৰুতি হৈয়ে থাকিল । বাস্তৱ ক্ষেত্ৰত সেয়া প্ৰতিফলিত নহ'ল বুলি উল্লেখ কৰি আটাছুৱে ইয়াৰ উচিত প্ৰত্যুত্তৰ আগন্তুক ২০২১ৰ নিৰ্বাচনত দিব বুলি হুংকাৰ প্ৰদান কৰে।
![অধিবেশনৰ এটা দৃশ্য](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9481616_moran.jpg)
আটাছুৰ পৰম্পৰা অনুসৰি স্থানীয় শিল্পী সকলে পৰিৱেশন কৰা তাই জাতীয় সংগীতৰ পিছতেই অনুষ্ঠিত হোৱা মুকলি সভাত আটাছুৰ কেন্দ্ৰীয় সমিতিৰ শীৰ্ষ নেত্ৰীবৃন্দৰ লগতে উজনি অসমৰ কেইবাখনো জিলা,মহকুমা,আঞ্চলিক আৰু শাখা সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে । উক্ত সভাতে গঠন হয় চৰাইদেউ জিলাৰ নতুন সমিতি ।
লগতে চাওকঃ মন্ত্ৰী হিমন্তৰ দম থাকিলে বিটিচি ভংগ কৰি দিয়কঃ চন্দন ব্ৰহ্ম