মৰাণ,21ডিচেম্বৰঃ দেওবাৰে খোৱাং চাহ বাগিচা খেলপথাৰত অনুষ্ঠিত হয় ডঃভূপেন হাজৰিকা ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল ৷ ডঃভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰ পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত পঞ্চম বাৰ্ষিক ফুটবল প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলত মুখামুখী হয় খোৱাং চাহ বাগিচা ফুটবল ক্লাব আৰু লেপেটকটা চাহবাগিচা ফুটবল ক্লাব ৷
তীব্ৰ উত্তেজনাপূৰ্ণ চূড়ান্ত খেলখনত খোৱাং চাহবাগিচা ফুটবল ক্লাবে লেপেটকটা চাহবাগিচা ফুটবল ক্লাবক 2-1 গ'লত পৰাস্ত কৰি চূড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰে ৷ ইপিনে,মুঠ 16 টা দলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখন উদ্বোধন কৰে আলফাৰ যুদ্ধ বিৰতি গোটৰ লেফটনেণ্ট অণ্টু চাউদাঙে ৷
লগতে পঢ়কঃ ক'ৰণা ভাইৰাছৰ নতুন লক্ষণ সন্দৰ্ভত উচ্চস্তৰীয় বৈঠকৰ আহ্বান স্বাস্থ্য মন্ত্ৰণালয়ৰ