ETV Bharat / state

Padmashri awardee Hemaprava Chutia: হেমপ্ৰভা চুতীয়াৰ সৃষ্ট কলা-শিল্প সংৰক্ষণৰ বাবে মৰাণত নিৰ্মাণ হ'ব সংগ্ৰহালয় - হস্ততাঁত শিল্পী হেমপ্ৰভা চুতীয়া

পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াৰ(Padmashri awardee Hemaprava Chutia) তাঁতশালত সৃষ্ট ধর্মগ্রন্থ বর্ণবস্ত্ৰসমূহ সংৰক্ষণৰ অৰ্থে মৰাণত নিৰ্মাণ হ'ব “হেমপ্রভা চুতীয়া সৃষ্ট কলা-শিল্প সংৰক্ষণ ট্রাষ্ট”ৰ সংগ্ৰহালয় ৷ হেমপ্রভা চুতীয়া সৃষ্ট কলা-শিল্প সংৰক্ষণ ট্রাষ্টৰ উদ্যোগত আজি মৰাণৰ ফটিকাছোৱা অভয়পুৰীয়াত হেমপ্ৰভা চুতীয়াৰ বাসগৃহৰ সমীপত কৰা হয় সংগ্ৰহালয়ৰ ভূমি পূজন ।

Bhumi Pujon for museum of Padmashri Hemprabha Chutia's creation
পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াৰ সৃষ্ট কলা শিল্প সংৰক্ষণৰ বাবে মৰাণত নিৰ্মাণ হ'ব সংগ্ৰহালয়
author img

By

Published : Feb 5, 2023, 7:13 PM IST

পদ্মশ্ৰী হেমপ্ৰভা চুতীয়াৰ সৃষ্ট কলা শিল্প সংৰক্ষণৰ বাবে মৰাণত নিৰ্মাণ হ'ব সংগ্ৰহালয়

মৰাণ, ৫ ফেব্ৰুৱাৰী: মৰাণৰ ফটিকাছোৱা অভয়পুৰীয়াৰ হস্ততাঁত শিল্পী হেমপ্ৰভা চুতীয়াই তাঁতশালত বস্ত্ৰ আকাৰে ইতিমধ্যে মহাপুৰুষ দুজনাৰ ধৰ্মগ্ৰন্থ গুণমালা, নামঘোষা আৰু শ্ৰীমদ্ভাগৱত গীতা(Hemprabha weaves Bhagavad Gita) ইত্যাদি ধৰ্মগ্ৰন্থ কেইবাটাও ভাষাত বৈ উলিয়াইছে । তাঁতশালত সৃষ্ট এই সম্পদসমূহৰ বাবেই হেমপ্ৰভা চুতীয়াই(Weaver Hemprabha Chutia) বিগত বৰ্ষত অসম গৌৰৱ বঁটা আৰু শেহতীয়াকৈ ভাৰত চৰকাৰৰ পদ্মশ্ৰী বঁটাৰ বাবে নিৰ্বাচিত হ'বলৈ সক্ষম হৈছে । এইসমূহ সৃষ্টিৰাজী সংৰক্ষণৰ বাবে বিগত সময়ছোৱাত হেমপ্ৰভা চুতীয়াৰ লগতে বিভিন্ন সচেতন মহলে চৰকাৰক দাবী জনাই আহিছিল যদিও সেয়া হৈ উঠা নাছিল ।

শেহতীয়াকৈ মৰাণৰ কেইজনমান বিশিষ্ট ব্যক্তিৰ উদ্যোগত গঠন কৰা হ'ল হেমপ্ৰভা চুতীয়াৰ সৃষ্টিৰাজিৰ সংৰক্ষণৰ বাবে "হেমপ্ৰভা চুতীয়া সৃষ্ট কলা-শিল্প সংৰক্ষণ ট্ৰাষ্ট" নামেৰে এটা ট্ৰাষ্ট । দেওবাৰে এই ট্ৰাষ্টৰ উদ্যোগত মৰাণৰ ফটিকাছোৱা অভয়পুৰীয়াত হেমপ্ৰভা চুতীয়াৰ বাসগৃহৰ সমীপত সংগ্ৰহালয়ৰ ভূমি পূজন কৰা হয় । হেমপ্ৰভা চুতীয়াৰ তাঁতশালত সৃষ্ট সম্পদসমূহ সুৰক্ষিত হোৱাকৈ আৰু ৰাইজৰ প্ৰদৰ্শনৰ সুবিধা হোৱাকৈ এই সংগ্ৰহালয় নিৰ্মাণ কৰা হ'ব । আজি সংগ্ৰহালয় নিৰ্মাণৰ শুভাৰম্ভণি এক মাংগলিক কাৰ্যসূচীৰ জৰিয়তে আনুষ্ঠানিকভাৱে মুকলি কৰা হয়(Padmashri Hemprabha Chutia's creation) ।

এই অনুষ্ঠানত অংশ লৈ পদ্মশ্ৰী বঁটাপ্ৰাপক হেমপ্ৰভা চুতীয়াই কয়, "মই চাৰিখনকৈ ধৰ্মগ্ৰন্থ তাঁতশালত বৈ উলিয়াইছো । এতিয়া গুণমালা ভাগি ইংৰাজীত বাঁহৰ কাঠীৰে বৈ আছো । ইতিমধ্যে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে এই সৃষ্টিৰাজিক স্বীকৃতি প্ৰদান কৰিছে । সেইকাৰণে মই এই সৃষ্টিৰাজিক মোৰ সম্পদ নহয় অসমৰ সম্পদ বুলি ভাবিছো । গতিকে এই সম্পদৰাজিক সংৰক্ষণৰ প্ৰয়োজন আছে বুলি অনুভৱ কৰিছো । সেইকাৰণে আজি সভা অনুষ্ঠিত হোৱা এই স্থানতে এটি সংগ্ৰহালয় নিৰ্মাণ কৰাৰ প্ৰয়াস কৰিছো"।

আজি এই শুভাৰম্ভণি অনুষ্ঠানত পদ্মশ্ৰী বঁটাপ্ৰাপক হেমপ্ৰভা চুতীয়াই সংবাদ মাধ্যমৰ জৰিয়তে সংগ্ৰহালয় নিৰ্মাণৰ ক্ষেত্ৰত সমগ্ৰ অসমবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰাৰ লগতে চৰকাৰক আৰ্থিক অনুদান আগবঢ়াই সংগ্ৰহালয়টি নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰি সম্পদৰাজিক সংৰক্ষণ কৰাৰ সুবিধা কৰি দিবলৈ আহ্বান জনায় । উল্লেখ্য যে পদ্মশ্ৰী বঁটা লাভ কৰিবলৈ সক্ষম হোৱা বয়ন শিল্পী হেমপ্ৰভা চুতীয়াই প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্থানীয় বিধায়ক চক্ৰধৰ গগৈক তেওঁৰ সৃষ্টিৰাজি সংৰক্ষণৰ বাবে এটি সংগ্ৰহালয় নিৰ্মাণ কৰি দিবৰ বাবে আবেদন জনাইছিল যদিও আজি পৰ্যন্ত কোনোধৰণৰ সংগ্ৰহালয় হৈ নুঠিল । শেহতীয়াকৈ পদ্মশ্ৰী বঁটা লাভ কৰা হেমপ্ৰভা চুতীয়াৰ মহান সৃষ্টিৰাজিক সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষ্যণীয় হ'ব ।

লগতে পঢ়ক: Padma Awards 2023 : ভিন্ন ক্ষেত্ৰৰ তিনি অসমীয়ালৈ পদ্মশ্ৰী সন্মান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.