টিংখাং,২৪ ফেব্ৰুৱাৰী: ডিব্ৰুগড় জিলাৰ টিংখাঙত ভূমি পট্টা প্ৰদান । টিংখাঙৰ নামদাং সংৰক্ষিত বনাঞ্চলৰ অধীনৰ ভোগালী পথাৰ আৰু পাণধোৱা বনগাঁও ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ অৱসান ঘটাই জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ ভূমি পট্টা প্ৰদান ।
![পাণধোৱা বনগাঁওবাসীক ভূমি পট্টা প্ৰদান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tingkhong-bhumi-porta-podan-801-to-803-dipok-gogoi-asc10071_24022021072830_2402f_1614131910_488.jpg)
মঙলবাৰে পানধোৱা গাঁৱত অনুষ্ঠিত এক কাৰ্যসূচীত বনগাঁৱৰ ৰাইজক ভূমি পট্টা প্ৰদান কৰা হয় ৷ উল্লেখ্য যে, নামদাং সংৰক্ষিত বনাঞ্চলৰ অধীনৰ এই দুইখন গাঁৱৰ ৰাইজে ভূমি স্বত্ব বিচাৰি বিগত কেইবাবছৰ ধৰি দাবী জনাই আহিছিল ৷ শেহতীয়াকৈ তেওঁলোকৰ দাবীৰ প্ৰতি সঁহাৰি জনাই ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত অনুষ্ঠিত এক জিলা পৰ্যায়ৰ সভাত বন অধিকাৰ আইনৰ নিয়মাৱলী অনুসৰি ভূমি স্বত্ব প্ৰদানৰ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছিল ৷
![পাণধোৱা বনগাঁওবাসীক ভূমি পট্টা প্ৰদান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tingkhong-bhumi-porta-podan-801-to-803-dipok-gogoi-asc10071_24022021072830_2402f_1614131910_286.jpg)
এই অনুষ্ঠানত টিংখাং সমষ্টিৰ বিধায়ক বিমল বৰা, উপায়ুক্ত পল্লৱ গোপাল ঝা, ডিব্ৰুগড় সদৰ মহকুমাধিপতি মছন্দা পৰতীন, চক্ৰ বিষয়াসকল উপস্থিত থাকে ৷
লগতে পঢ়ক: অসম বচাও’ অভিযানত অংশগ্ৰহণ সাংসদ গৌৰৱ গগৈৰ