আমগুৰি,১৭ জানুৱাৰী: সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতি আৰু মৰাণ আঞ্চলিক সমিতিৰ উদ্যোগত মৰাণত দুদিনীয়াকৈ অনুষ্ঠিত হয় ষষ্ঠ বাৰ্ষিক ভোগালী উৎসৱ (All Assam Chutiya Students Union)। বৃহত্তৰ ফটিকাছোৱা আৰু মৰাণৰ ৰাইজৰ সহযোগত বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই ভোগালী উৎসৱ (Bhogali Festival at Moran) । দেওবাৰে দোমাহিৰ দিনা মেজি প্ৰজ্বলনেৰে আৰম্ভ হোৱা প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন কৰা হয় । ইয়াৰ পিছতেই উক্ত অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব্য়ক্তিয়ে স্মৃতি তৰ্পণ কৰে । এই অনুষ্ঠানটোৰ পিছত গ্ৰন্থমেলাৰ লগতে বস্ত্ৰ বিপনী, প্ৰদৰ্শনী আৰু খাদ্যমেলাৰ দ্বাৰ মুকলি কৰা হয় । এই গ্ৰন্থমেলাৰ লগতে বস্ত্ৰ বিপনী, প্ৰদৰ্শনী আৰু খাদ্যমেলাত ৰাইজে ব্য়াপক সঁহাৰি জনায় (Food Fair at Moran in Dibrugarh)।
ইপিনে,ভোগালী উৎসৱ উপলক্ষে প্ৰথম দিনা দিনৰ ভাগত মাৰাথন দৌৰ,টেকেলী ভঙা, কুকুৰা যুঁজ, ৰছী টনা আৰু কাবাডী প্ৰতিযোগিতা অনুষ্ঠিত হয় । দ্বিতীয় দিনা অৰ্থাৎ সোমবাৰৰ কাৰ্যসূচী অনুসৰি অঞ্চলটোৰ শিশুসকলৰ মাজত সাহিত্য প্ৰতিযোগিতা ক্ৰমে আকস্মিক বক্তৃতা, চিত্ৰাংকন, ঠাইতে লিখা ৰচনা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয় । সন্ধিয়া উদযাপন সমিতিৰ সভাপতি শোভিত কুমাৰ চেত্ৰীৰ সভাপতিত্ব অনুষ্ঠিত হোৱা মুকলি সভাত 'ভোগালী 'শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয় (Souvenir Bhogali released in Moran)। এই স্মৃতিগ্ৰন্থখনি উন্মোচন কৰে বিশিষ্ট চিকিৎসক ইন্দ্ৰনাথ চুতীয়াই ।
উক্ত মুকলি সভাত বিশিষ্ট চিকিৎসক সুৰজিৎ গিৰী, লোক সংস্কৃতিৰ সাধক কিৰণ অভয়াপুৰীয়া, সাংবাদিক দীপমজোতি বৰুৱা আৰু দিবাংগনা মহনক ক্ৰমে 'ফনীধৰ চুতীয়া সোঁৱৰণী সামাজিক দায়বদ্ধতা বঁটা', 'ধৰণী হাজৰিকা সোঁৱৰণী সাংস্কৃতিক বঁটা', 'দেৱী চুতীয়া সোঁৱৰণী যুৱ সাংবাদিক বঁটা' আৰু 'ৰোহিনী গগৈ সোঁৱৰণী প্ৰতিভা সন্ধানী বঁটা' প্ৰদান কৰা হয় । ভোগালী উৎসৱ উপলক্ষে মুকলি সভাৰ পিছতেই অনুষ্ঠিত হয় এক সাংস্কৃতিক অনুষ্ঠান । মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে এই সাংস্কৃতিক অনুষ্ঠানটো উদ্বোধন কৰে (Maran MLA Chakradhar Gogoi) ।
উল্লেখ্য় যে ফনীধৰ চুতীয়া সোঁৱৰণী সামাজিক দায়বদ্ধতা বঁটা লাভ কৰা ডাঃ সুৰজিৎ গিৰীয়ে সৰ্প দংশন কৰা ৰোগীৰ চিকিৎসা কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । শিৱসাগৰ জিলাৰ ডিমৌ আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক হিচাপে কৰ্মৰত হৈ থকা ডাঃ সুৰজিৎ গিৰীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্প দংশন কৰা ৰোগীৰ চিকিৎসা কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ।
লগতে পঢ়ক:Daily Love Rashifal: আপোনাৰ প্ৰেম জীৱন কেনে হ’ব ? জানিবলৈ পঢ়ক আজিৰ দিনটোৰ প্ৰেমৰ ৰাশিফল