মৰাণ, 16 নৱেম্বৰঃ আদিবাসী সকলৰ সামাজিক আৰু আৰ্থিক অধিকাৰৰ হকে যুঁজ দিয়া শ্বহীদ বীৰ বীৰছা মুণ্ডাক তেওঁৰ ১৪৫ তম জন্ম জয়ন্তীত আদিবাসী সমাজে দেওবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধাৰে সোঁৱৰণ কৰে । এই উপলক্ষে মৰাণত আদীবাসী সমাজৰ মহান সংগ্ৰামী নেতাজনৰ মূৰ্তি উন্মোচন কৰে গড়কাপ্তানী বিভাগৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহনে ।
![Beer Birsa Munda inaugurated in Moran](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-804to807-statueofbeerbirsamundainauguratedinmoran-as10031_16112020110433_1611f_1605504873_994.jpg)
উল্লেখ্য যে, সংগ্ৰামী শ্বহীদ মুণ্ডা দেৱৰ ১৪৫ তম জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি মৰাণৰ ৰাজমাই বজাৰ চাৰিআলিত বীৰছা মুণ্ডা দেৱৰ শৈলৰ মূৰ্তি উন্মোচনৰ এক অনুষ্ঠান আয়োজন কৰা হয় ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে থাওৰা বিধানসভা সমষ্টিৰ বিধায়ক কুশল দুৱৰীৰ লগতে জনগোষ্ঠীটোৰ বহু কেইজন বিশিষ্ট ব্যক্তি ৷
লগতে পঢ়কঃমহাৰাষ্ট্ৰত মহিলাক এছিড ঢালি জীৱন্তে জ্বলাই দিয়া অভিযুক্তক আটক