ETV Bharat / state

পৰ্যটকক হাতবাউল দি মাতিছে ডিব্ৰুগড়ৰ সাহিত্য মণিষী উপবনে - জকাই সংৰক্ষিত বনাঞ্চল

ডিব্ৰুগড়ৰ জকাই সংৰক্ষিত বনাঞ্চলৰ সৌন্দৰ্য বৰ্দ্ধন কৰিছে সাহিত্য মণিষী উপবন । ২০২০-২১ বৰ্ষৰ 'CAMPA' আঁচনিৰ অধীনত ৩ হেক্টৰ ভূমিত গঢ়ি তোলা সাহিত্য মণিষী উপবনত বিভিন্ন ধৰণৰ গছৰ ৩০০টা পুলি ৰোপণ কৰা হৈছে । ঔষধি গছ, ভিন্ন প্ৰজাতিৰ ফুল, ফল-মূলৰ গছৰ পুলি ৰোপণ কৰা হৈছে সাহিত্য মণিষী উপবনত ।

পৰ্যটকক হাতবাউল দি মাতিছে ডিব্ৰুগড়ৰ সাহিত্য মণিষী উপবনে

author img

By

Published : Feb 16, 2021, 3:47 PM IST

মৰাণ, ১৬ ফেব্ৰুৱাৰী: পৰ্যটকক আকৰ্ষিত কৰিবলৈ ডিব্ৰুগড়ৰ জকাই সংৰক্ষিত বনাঞ্চলত গঢ়ি তোলা হৈছে সাহিত্য মণিষী উপবন । সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত পৰ্যটকক অনাবিল শান্তি দিয়াৰ উদ্দেশ্যে আৰু শিল্প-সাহিত্যৰ জগতলৈ বৰঙণি আগবঢ়াই যোৱা মণিষীসকলৰ সোঁৱৰণত স্থাপন কৰা হৈছে সাহিত্য মণিষী উপবন । নানা ফুল, গছ-গছনিৰে ভৰপূৰ সাহিত্য মণিষী উপবনৰ মনোমোহা সৌন্দৰ্যই এতিয়া হাতবাউল দি মাতিছে পৰ্যটকক । ২০২০-২১ বৰ্ষৰ 'CAMPA'আঁচনিৰ অধীনত ৩ হেক্টৰ ভূমিত গঢ়ি তোলা হৈছে উদ্যানখন ।

পৰ্যটকক হাতবাউল দি মাতিছে ডিব্ৰুগড়ৰ সাহিত্য মণিষী উপবনে

সোমবাৰে সাহিত্য মণিষী উপবন আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় । স্থানীয়ভাৱে সংগ্ৰহ কৰা বহু অৰ্কিড, মূল্যৱান গছ, ঔষধি গছ ৰোপণ কৰাৰ লগতে এখন আটকধুনীয়া ফুল, ফল-মূলৰ বাগিছা স্থাপন কৰা হৈছে যাতে দূৰ-দূৰণিৰ পৰা অহা পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰে । লগতে উদ্যানখনত বাঁহেৰে আটোমটোকাৰিকৈ এটা গৃহ নিৰ্মাণ কৰা হৈছে । এতিয়া পথেৰে যোৱা লোকসকলে সাহিত্য মণিষী উপবনৰ সৌন্দৰ্য উপভোগ কৰাৰ লগতে আলোকচিত্ৰ সংগ্ৰহ কৰি আনন্দিত হৈ পৰিছে ।

লগতে পঢ়ক:প্ৰণৱ কুমাৰ গগৈৰ মুক্তিৰ দাবী টাই আহোম ছাত্ৰ সন্থাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.