ETV Bharat / state

কাৰাগাৰৰ বন্ধ কুঠৰীৰ পৰা কয়দীৰ কৰ্ম-সংস্কৃতিৰ নিদৰ্শন

author img

By

Published : Jan 11, 2021, 9:43 AM IST

Updated : Jan 11, 2021, 3:12 PM IST

ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ একাংশ কয়দীয়ে বাঁহ-বেতেৰে সাজি উলিয়াইছে বহু সামগ্ৰী ৷ কাৰাগাৰৰ পৰাই সাজি উলিয়াইছে এই সামগ্ৰীসমূহ ৷ ইয়াৰ লগতে মহিলাসকলে কৰিছে ৰবি শস্যৰ খেতি ৷ কয়দীসকলৰ এই কাৰ্যই তেওঁলোকৰ মন সুস্থিৰ, ধৈৰ্যশীল কৰি তুলিব বুলি মন্তব্য কৰে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক ব্ৰজেন দাসে ৷

Bamboo goods made by Prisoners of Dibrugarh Central Jail
কাৰাগাৰৰ বন্ধ কুঠৰীৰ পৰা কয়দীৰ কৰ্ম-সংস্কৃতিৰ নিদৰ্শন

ডিব্ৰুগড়,11 জানুৱাৰী: কাৰাগাৰ মানেই কেৱল শাস্তিৰ দিন পাৰ কৰা স্থান নহয় ৷ কেতিয়াবা বহু অপৰাধীৰ আত্মসংশোধনৰো অন্যতম স্থান হৈ পৰে কাৰাগাৰ তথা জেইল ৷ তেনে এক উদাহৰণ দাঙি ধৰিলে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ একাংশ কয়দীয়ে ৷ তেওঁলোকে নিজকে সংশোধন কৰি গঢ়ি তুলিছে কৰ্ম-সংস্কৃতি ৷ অপৰাধ প্ৰৱণতা পাহৰি সৃষ্টিশীল মনক জাগ্ৰত কৰি হস্তশিল্পত মনোনিৱেশেৰে গঢ়ি তুলিছে আন এক মধুময় পথ ৷

বৰ্তমান ডিব্ৰুগড় জিলা কাৰাগাৰত আছে ৪৭২ গৰাকী কয়দী ৷ ইয়াৰে একাংশ কয়দীয়ে বাঁহ-বেত, কাঠ ব্যৱহাৰেৰে বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰাৰ লগতে স্নান আৰু কাপোৰ ধুবলৈ ব্যৱহাৰ কৰা চাবোন আদিও প্ৰস্তুত কৰি প্ৰতিভাৰ উমান দি স্বাৱলম্বী হোৱাৰ পথো প্ৰশস্ত কৰি তুলিছে ৷ কয়দীকেইজনে কাৰাগাৰতে প্ৰশিক্ষণ লৈ বৰ্তমান বাঁহ-বেত, কাঠ আদিকে যেন নিৰ্দিষ্ট কৰ্মৰে প্ৰাণবন্ত কৰি তুলিছে ৷ কয়দীসকলে বাঁহ-বেত ব্যৱহাৰ কৰি ঘড়ী, পানী ফিল্টাৰ, নানা প্ৰকাৰৰ ফুলদানী, টেবুল ফেন সদৃশ কাৰ্যক্ষম ঘড়ী, ম'বাইল থোৱা বাকচ, শৰাই, ৰংঘৰ আৰ্হিৰ স্মাৰক, চাহৰ কাপ, বাঁহ-বেতৰ ট্ৰে আদি নিৰ্মাণ কৰি দৃষ্টি আকৰ্ষণ কৰিছে ৷ ইয়াৰোপৰি, কয়দীসকলে নিৰ্মাণ কৰিছে বাঁহৰ বৰটোপ, সজাই থ’ব পৰা আটকধুনীয়া ঘৰ সদৃশ ফুলদানী আদি ৷ কেৱল ইমানেই নহয়, মহিলাসকলে পৰিধান কৰা বিভিন্ন অলংকাৰ যেনে, ডুগডুগী, চেইন, নেকলেচ আদি নিৰ্মাণ কৰি উলিয়াইছে কয়দীসকলে ৷

তদুপৰি একাংশ মহিলা কয়দীয়েও ঊন সূতা ব্যৱহাৰ কৰি বিভিন্ন প্ৰকাৰৰ টেবুল ক্লথ তৈয়াৰ কৰি উলিয়াইছে ৷ কয়দীসকলে এইবোৰৰ উপৰিও কাৰাগাৰৰ চৌহদতে কৰিছে ৰবি শস্যৰ খেতি ৷ লাই, পালেং, কবি, মটৰমাহ আদি পাচলি উৎপাদনেৰে কাৰাগাৰ চৌহদক বিশেষ মাত্ৰা প্ৰদান কৰিছে কয়দীসকলে ৷

ইফালে, কয়দীসকলৰ এই কাৰ্যত উৎফুল্লিত হৈ পৰে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক ব্ৰজেন দাস ৷ ব্ৰজেন দাসে কয় যে, কাৰাগাৰত কয়দীসকলৰ মন সুস্থিৰ, ধৈৰ্যশীল কৰি তোলাত এনে হস্তশিল্প কৰ্মসমূহে বিশেষ ভূমিকা লয় ৷ এনেবিলাক সৃষ্টিশীল আৰু উৎপাদনমুখী কৰ্মই সলনি কৰিব পাৰে মানুহৰ জীৱনৰ গতিপথ, আমি সেয়ে এইক্ষেত্ৰত গুৰুত্ব দিওঁ ৷ উল্লেখ্য যে, বিগত বৰ্ষত এই হস্তশিল্পজাত সামগ্ৰী বিক্ৰী কৰি লক্ষাধিক টকা অসম চৰকাৰৰ নিৰ্দিষ্ট পুঁজিত জমা কৰিছিল কয়দীসকলে ৷

অন্য এক খবৰৰ বাবে: বিভাজনমূলক কাৰ্যকলাপ কোনো কাৰণতে সহ্য কৰা নহয় : জয় শ্বাহ

Last Updated : Jan 11, 2021, 3:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.