ETV Bharat / state

ৰাইজৰ প্ৰচেষ্টাত নিৰ্মিত দলং উদ্বোধন শংকৰজ্যোতি বৰুৱাৰ

author img

By

Published : Jan 4, 2021, 10:39 AM IST

ৰজাঘৰীয়াই কৰিব নোৱাৰা কাম কৰি দেখুৱালে প্ৰজাই ৷ মৰাণৰ খোৱাঙত ৰাইজে নিৰ্মাণ কৰিলে 450 ফুট দৈৰ্ঘৰ এখন দলং ৷ দলংখন উদ্বোধন কৰে আছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷

Bamboo bridge inagurated by AASU secretary Sankar Jyoti Boruah in moran dibrugarh assam etv bharat news
ৰাইজৰ প্ৰচেষ্টাত নিৰ্মিত দলং উদ্বোধন

মৰাণ,4 জানুৱাৰী: ৰাইজৰ প্ৰচেষ্টাত দীৰ্ঘদিনীয়া সমস্যা সমাধান হ’ল চেঁচুঘাটবাসীৰ ৷ অৱশেষত ডিব্ৰুগড়ৰ মৰাণ সমষ্টিৰ অন্তৰ্গত খোৱাং চেঁচুঘাটৰ মাজেৰে বৈ যোৱা বুঢ়ীদিহিং নদীৰ ওপৰত ৰাইজে সাজি উলিয়ালে এখন বাঁহৰ দলং ৷ সুদীৰ্ঘ প্ৰায় 28 বছৰে ৰাইজে দলং নিৰ্মাণৰ বাবে চৰকাৰ তথা জন প্ৰতিনিধিক বাৰম্বাৰ অনুৰোধ জনাই আহিছিল ৷ কিন্তু ৰাইজৰ এই সমস্যা সমাধানৰ প্ৰতি বিগত সময়ছোৱাত কোনো গুৰুত্ব আৰোপ নকৰিলে কোনো জন প্ৰতিনিধিয়ে ৷ 1962 চনৰ পৰাই চেঁচুঘাট আৰু লেজাই-কলাখোৱা সংযোগী পথত বুঢ়ীদিহিঙৰ ওপৰত এখন পকী দলং নিৰ্মাণৰ বাবে চেঁচুঘাট পকীদলং বাইপাছ দাবী সমিতিয়ে দাবী উত্থাপন কৰি আহিছিল ৷ উপায়বিহীন ৰাইজে দলং নিৰ্মাণৰ বাবে জন প্ৰতিনিধিৰ সলনি কাষ চাপে আছুৰ আঞ্চলিক সমিতিসমূহৰ ৷ ৰাইজৰ এই সমস্যাৰ প্ৰতি সন্মাই জনাই খোৱাং, লেজাই-কলাখোৱা আৰু বৰবৰুৱা আছুৱে ব্যৱসায়ী কোশল কোঁৱৰৰ সহযোগত বুঢ়ীদিহিঙৰ ওপৰত প্ৰায় 450 ফুট দৈৰ্ঘৰ বাঁহৰ দলংখন নিৰ্মাণ কৰি দিয়ে ৷

ৰাইজৰ প্ৰচেষ্টাত নিৰ্মিত দলং উদ্বোধন

উক্ত দলংখন দেওবাৰে মুকলি কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷ দলং মুকলিৰ পূৰ্বে অনুষ্ঠিত প্ৰতিবাদী সভাত আছুৰ সম্পাদকগৰাকী উপস্থিত থাকি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৷ উল্লেখ্য যে, স্থানীয় বিধায়ক চক্ৰধৰ গগৈয়ে বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে দলংখন নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ বিধায়কগৰাকীৰ সদিচ্ছাৰ অভাৱতে এই সমস্যা সমাধান নোহাৱাৰ কথা ব্যক্ত কৰে আছুৰ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷ এই দলং নিৰ্মাণৰ ফলত প্ৰায় 80 খন গাঁৱৰ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত উপকৃত হ’ব ৷

লগতে চাওকঃ ছয়গাঁৱত ব্ৰহ্মপুত্ৰৰ পাৰত মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.