ETV Bharat / state

নিৰ্মাণৰ পাচতে বহি গ'ল ঐতিহাসিক বৰফুকন আলিৰ কালভাৰ্ট - ঐতিহাসিক বৰফুকন আলি কালভাৰ্ট

খোৱাঙত নিৰ্মাণৰ পিছতে বহি গ'ল ঐতিহাসিক বৰফুকন আলিৰ কালভাৰ্ট ৷ কোটিটকীয়া পথত দুৰ্ঘটনাৰ আশংকা স্থানীয় ৰাইজে ৷

খোৱাঙত নিৰ্মাণৰ পাচতে বহি গ'ল ঐতিহাসিক বৰফুকন আলি কালভাৰ্ট

author img

By

Published : May 23, 2021, 9:11 AM IST

মৰাণ,23 মে’: নিৰ্মাণৰ পাচতেই বহি গ’ল খোৱাঙৰ ঐতিহাসিক বৰফুকন আলিৰ এটা কালভাৰ্ট ৷ 10 কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা খোৱাঙৰ বৰফুকন আলিৰ এই কালভাৰ্ট নিৰ্মাণৰ পিছতে বহি যোৱাত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৰাইজৰ মাজত ।

খোৱাঙত নিৰ্মাণৰ পাচতে বহি গ'ল ঐতিহাসিক বৰফুকন আলি কালভাৰ্ট
খোৱাঙত নিৰ্মাণৰ পাচতে বহি গ'ল ঐতিহাসিক বৰফুকন আলি কালভাৰ্ট

উল্লেখ্য যে, খোৱাং আজাৰগুৰিৰ পৰা 6 কিলোমিটাৰ পথ চিগনেচাৰ প্ৰকল্পৰ অধীনত 10 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছিল । পথটো নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ পিছতে আজাৰগুৰিৰ সমীপৰ এটা জানৰ ওপৰত নিৰ্মাণ কৰা হৈছিল এই কালভাৰ্টটো ৷ এই নৱ-নিৰ্মিত কালভাৰ্টটোত এতিয়া প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত যাতায়ত ব্যৱস্থাত ব্যাঘাত জন্মিছে । যিকোনো মূহুৰ্ততে সংঘটিত হ’ব পাৰে ভয়ংকৰ পথ দুৰ্ঘটনা ৷

লোক নিৰ্মাণ বিভাগে ডিব্ৰুগড় আৰু মৰাণৰ অধীনত নিৰ্মাণ কৰা কোটিটকীয়া পথটোৰ নিৰ্মাণৰ দায়িত্বত আছিল ত্ৰিশূল এচ’চিয়েট, ডিমৌ নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটো । ঠিকাদাৰে সঠিকভাৱে কালভাৰ্টটো নিৰ্মাণ নকৰাৰ বাবেই এনেদৰে নিৰ্মাণৰ পিছতে বহি পৰে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে । শীঘ্ৰে বহি যোৱা অংশ মেৰামতি নকৰিলে পথটোত অঘটন ঘটাৰো আশংকা ব্যক্ত কৰিছে ৰাইজে ।

লগতে পঢ়ক: সোৱণশিৰিয়ে বিপদ মাতিছে ঐতিহাসিক ঘুনাসুঁতিলৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.