ডিব্ৰুগড়, 6 জুলাইঃ পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ দিনতে খোদ মুখ্যমন্ত্ৰী গৃহ জিলাত উন্নয়ন বিচাৰি হাহাকাৰ কৰিছে জনতাই । জিলাখনৰ গুৰুত্বপূৰ্ণ ঐতিহাসিক পথ সমূহৰ এতিয়া জৰাজীৰ্ণ অৱস্থা । বিশেষকৈ মৰাণ বিধানসভা সমষ্টিত বিধায়ক চক্ৰ গগৈয়ে চাৰিটা বছৰে উন্নয়নৰ খতিয়ান সামাজিক মাধ্যমত প্ৰচাৰ কৰাত ব্যস্ত থকাৰ সময়তে সমষ্টিৰ অতি গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক খোৱাং বৰফুকন আলিৰে বিপদজনক অৱস্থাত প্ৰতিদিনে হাজাৰ-হাজাৰ ৰাইজে যাতায়ত কৰিব লগা হৈছে । বিধায়কজনৰ দুৰ্বলতাৰ সুযোগ লৈ গড়কাপ্তানী বিভাগে পথত ৰঙা ফিটা মাৰিয়েই দায়িত্ব সামৰিলে ।
বৰফুকন আলিৰ ওপৰত চাৰিওফালে চাৰিটা খুঁটি মাৰি ৰঙা ফিটা মেৰিয়াই ভগ্ন কালভাৰ্ট মেৰামতি নকৰাকৈ এনেদৰে ৰাখিছে গড়কাপ্তানি বিভাগে । যিটো কালভাৰ্টৰ কাষেদি প্ৰতিদিনে হাজাৰ-হাজাৰ ৰাইজে বিপদজনকভাৱে যাতায়াত কৰিবলগীয়া হৈছে । এই ভগ্ন কালভাৰ্টটো মৰাণ গড়কাপ্তানী পথ উপ সংমণ্ডলৰ অধীনস্থ তথা মৰাণ বিধানসভা সমষ্টিৰ খোৱাং গাওঁ পঞ্চায়ত অন্তৰ্গত খোৱাঙৰ ঐতিহাসিক বৰফুকন আলিৰ আজাৰগুৰি তিনিআলিৰ নিচেই দাঁতিত অৱস্থিত । মনকৰিবলগীয়া যে খোৱাং সোণোৱাল বঙালী গাঁৱৰ কৃষি পথাৰৰ এক বিস্তৃত এলেকাৰ পানী উক্ত কালভাৰ্টটোৱেদি ওলাই ডিমৌ নদীত পৰে।
লগতে পঢ়কঃ ভাৰতীয় বায়ু সেনাত নতুন সংযোজন "ৰুদ্ৰ"
শেহতীয়াকৈ নেৰানেপেৰা বৰষুণৰ ফলত কালভাৰ্টোৱেদি পানী ওলাই যাব নোৱাৰাত আজাৰগুৰিৰ ভালেকেইটা পৰিয়াল পানীত আৱদ্ধ হৈ থাকিবলগীয়া হৈছিল । সম্প্ৰতি কালভাৰ্টটো ভাঙি যোৱাৰ ফলত পানী ওলাই যোৱাতো দূৰৈৰ কথা জনসাধাৰণ অহা-যোৱা কৰাটোও এক ডাঙৰ সমস্যাৰ সৃষ্টি হৈছে । কালভাৰ্টটো ভাঙি যোৱা অংশৰ লগতে মাটি খহি যোৱাত পথটো ক্ৰমান্বয়ে ঠেক হৈ পৰিছে । বহু দিনতে ভাঙি পৰা কালভাৰ্টটো নতুনকৈ নিৰ্মাণৰ ক্ষেত্ৰত গড়কাপ্তানী বিভাগ কিম্বা সমষ্টিৰ বিধায়ক চক্ৰ গগৈয়ে আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰাত খোৱাঙৰ ৰাইজ ক্ষোভিত হৈ পৰিছে ।
গুৰুত্বপূৰ্ণ পথটোৰ এনে অৱস্থাই উক্ত স্থানত এক ডাঙৰ দুৰ্ঘটনা সংঘটিত কৰাৰ সম্ভাৱনা অধিক । কাৰণ ঠেক পথটোৰ এটা অংশ ৰঙা ফিটা মাৰি বন্ধ কৰি দিয়াত তীব্ৰ যান-জঁট সৃষ্টি হোৱাত খোৱাঙৰ বৃহত্তৰ অঞ্চলটোৰ ৰাইজক জীয়াতু ভুগাইছে । ৰাইজে বিধায়কজনক বাৰে বাৰে পথটোৰ এই অৱস্থাৰ কথা অৱগত কৰি আহিছে যদিও বিধায়কৰ কোনো গুৰুত্ব নাই । গড়কাপ্তানি বিভাগৰ কাৰ্যালয়লৈ ৰাইজে বিষয়াক লগ কৰিবলৈ আহিলেও বিষয়াক লগ পোৱা সম্ভৱ হৈ নুঠে । বিধায়কজনে সেই পথেৰে গৈ বিভিন্ন সভা সমিতিত অংশ লৈছে যদিও পথটোৰ দুৰৱস্থা দেখিও কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই সেইটো হে ৰাইজৰ বাবে ৰহস্যৰ বিষয় হৈ পৰিছে । কিন্তু মুখ্যমন্ত্ৰীজনৰ গৃহ জিলাতে উন্নয়ন বিচাৰি ৰাইজে হাহাকাৰ কৰিবলগীয়া হোৱাত চৰকাৰৰ পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিসমূহক লৈ ৰাইজে বহু প্ৰশ্ন উত্থাপন কৰিছে ।