মৰাণ,১৮ মাৰ্চ: বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত শাসকীয় দল বিজেপিৰ বিৰুদ্ধে সৰৱ হৈছে অসম চাহ জনজাতি ছাত্ৰ সন্থা । ৰাজ্যৰ সমষ্টিয়ে সমষ্টিয়ে শাসক আৰু বিৰোধী সকলো ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তোলাৰ বিপৰীতে অসম চাহ জনজাতি ছাত্ৰ সন্থাই বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে । ডিব্ৰুগড়ৰ মৰাণৰ চাহ বাগিচাই বাগিচাই আৰম্ভ কৰিছে বিজেপি বিৰোধী সজাগতা সভা ।
অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতৃত্বত আৰম্ভ হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত বাগিচাৰ শ্ৰমিকসকলে সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হৈছে । সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰাৰ বাবে যি প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি পালন কৰা নাই বুলি অভিযোগ তুলিছে সংগঠনটোৱে । লগতে চাহ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা আৰু ভূমি পট্টা প্ৰদান নকৰাকলৈ ক্ষোভ উজাৰে সংগঠনটোৰ নেতৃত্বই ।
চাহ জনগোষ্ঠীক বিজেপিয়ে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰাৰ লগতে সমাগত বিধানসভা নিৰ্বাচনত বিজেপিক তাৰ উত্তৰ দিয়াৰ বাবে এই সজাগতা সভা অনুষ্ঠিত কৰা হৈছে বুলি আটছাৰ নেতৃত্বই জানিবলৈ দিয়ে । আনহাতে, নিৰ্বাচনৰ পূ্ৰ্বে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ এই কাৰ্যই কিছু কিছু সমষ্টিত শাসকীয় দলক বিপাঙত পেলাব বুলি ধাৰণা কৰা হৈছে । ইফালে, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সজাগতা সভাই চাহ জনগোষ্ঠীৰ লোকক মনত কেনেদৰে প্ৰভাৱ পেলাইছে সেয়া নিৰ্বাচনৰ ফলাফলতহে প্ৰতিফলিত হ'ব ।
লগতে পঢ়ক: সুৰভী ৰাজকুঁৱৰীৰ হৈ শিৱসাগৰত নিৰ্বাচনী প্ৰচাৰ তপন গগৈৰ