মৰাণ,১০ নৱেম্বৰ : ৰাজ্যত জ্যেষ্ঠ নাগৰিকসকল প্ৰায়ে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে । পুত্ৰ-কন্যাৰ লগতে পৰিয়ালৰ লোকসকলে বিভিন্ন সময়ত তেওঁলোকক আলৈ-আথানি কৰা দেখা যায় । কেৱল এয়াই নহয় সমাজতো কেতিয়াবা বিভিন্ন ধৰণৰ বিপদৰ সন্মুখীন হ'বলগীয়া হয় জ্যেষ্ঠ নাগৰিকসকল । সেয়ে জ্যেষ্ঠ নাগৰিকৰ সুৰক্ষাৰ কথা চিন্তা কৰি অসম চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ।
অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ নেতৃত্বত বিভাগটোৱে ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে । তাৰ অংশস্বৰূপে সামাজিক ন্যায় আৰু সৱলীকৰণ সঞ্চালকালয়ৰ উদ্যোগত আৰু জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ (Assam senior citizen welfare council) সৌজন্যত ৰাজ্যৰ বিভিন্ন জিলাত সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ।
বুধবাৰে ডিব্ৰুগড় জিলাৰ তিলৈ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহতো জ্যেষ্ঠ নাগৰিকৰ বাবে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয় (Awareness program for senior citizen)। বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক জ্যেষ্ঠ নাগৰিক উপস্থিত থকা সভাখনৰ আদৰণি ভাষণ আগবঢ়ায় মৰাণ বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে । ইয়াৰ পাছতে জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদ, অসমৰ অধ্যক্ষ ড° প্ৰদীপ ঠাকুৰীয়াই ভাষণ প্ৰদান কৰে ।
ভাষণত অধ্যক্ষগৰাকীয়ে বয়সৰ কথা ভাবি জ্যেষ্ঠ নাগৰিকসকলে ঘৰতে বহি নাথাকি সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ ওলাই আহি নিজৰ চিন্তাধাৰাবোৰ সলনি কৰিব লাগে বুলি মন্তব্য কৰে । ভাষণ প্ৰসংগত তেওঁ জ্যেষ্ঠ নাগৰিকসকলে ১৪৫৬৭ নম্বৰত ফোন কৰিও তেওঁলোকৰ বিভিন্ন সমস্যা সন্দৰ্ভত অৱগত কৰিব পাৰিব বুলি উল্লেখ কৰে ।
সভাখনত জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ উপাধ্যক্ষ অশোক বৰঠাকুৰ, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালা উপস্থিত থাকি জ্যেষ্ঠ নাগৰিকসকলৰ সৈতে মত-বিনিময় কৰে । সভাখনতে সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ বৰঙনি আগবঢ়োৱা ১০ গৰাকী জ্যেষ্ঠ নাগৰিকক সম্বৰ্দ্ধনা জনোৱা হয় । কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থকা সভাখনত জ্যেষ্ঠ নাগৰিক প্ৰদীপ শৰ্মাই জ্যেষ্ঠ ব্যক্তিসকলক লৈ লিখা এটা কবিতাও পাঠ কৰে । ইফালে অসম চৰকাৰৰ বিভিন্ন আঁচনি সন্দৰ্ভত জ্যেষ্ঠ নাগৰকিসকলক সজাগ কৰাৰ প্ৰয়াস কৰা হয় ।
লগতে পঢ়ক :Rameswar Teli in Chhattisgarh: ছত্তীশগড়ত অন্য ৰূপত মন্ত্ৰী ৰামেশ্বৰ তেলী