ETV Bharat / state

Protest in Duliajan: চাহ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল মহাবীৰবাৰী বাগিচা

author img

By

Published : Aug 14, 2023, 5:25 PM IST

কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ গৃহ সমষ্টিত সমস্যা সমাধানৰ দাবীত চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ । বাগিচাত অনাময়ৰ ব্যৱস্থা কৰা, কৰ্মৰত কৰ্মচাৰীক পদোন্নতিৰ ব্যৱস্থা কৰাৰ দাবী প্ৰতিবাদকাৰীৰ ।

Workers of Mahavirbari tea estate strike
দুলীয়াজানৰ মহাবীৰবাৰী চাহ বাগিচাৰ শ্ৰমিকৰ কৰ্মবিৰতি

মৰাণ, ১৪ আগষ্ট : এদিন পূৰ্বে পেট্ৰ'লিয়াম, প্ৰাকৃতিক গেছ, শ্ৰম আৰু নিয়োগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে চাহ বাগিচা অঞ্চলত বিজেপি চৰকাৰৰ দিনত কোনো সমস্যা নাই বুলি কৰা মন্তব্য় অসাৰ প্ৰতিপন্ন হৈছে । তেওঁ পথ নিৰ্মাণৰ পৰা স্বাস্থ্য সেৱালৈকে উন্নত কৰা হৈছে বুলি মন্তব্য় কৰি এয়া কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰণে সম্ভৱ হৈছে বুলি কয় । কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে এই কথা দাম্ভিকতাৰে উল্লেখ কৰাৰ এদিন পাছতেই সোমবাৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ গৃহ সমষ্টিৰ মহাবীৰবাৰী চাহ বাগিচাত সমস্যা সমাধানৰ দাবীত চাহ শ্ৰমিকে উত্তাল প্ৰতিবাদ সাব্য়স্ত কৰে ।

দুলীয়াজানৰ মহাবীৰবাৰী চাহ বাগিচাৰ শ্ৰমিক সকলে কৰ্মবিৰতি ঘোষণা কৰি আজি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । শ্ৰমিকসকলৰ বিভিন্ন সমস্যা সমূহ কাৰ্যকৰী কৰিবলৈ দীৰ্ঘদিনৰ পৰা বাগিচ কৰ্তৃপক্ষক আৰু চৰকাৰখনক আবেদন-নিবেদন জনাই আহিছে যদিও আজি পৰ্যন্ত কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই । ইয়াৰ পৰিপ্ৰেক্ষিতত সোমবাৰে দুলীয়াজানৰ মহাবীৰবাৰী চাহ বাগিচাৰ শ্ৰমিক সকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত বাগিচাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰে ।

লগতে পঢ়ক:77th independence day : দিল্লীত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ কাৰ্যসূচীত অংশ ল’ব ৰহম চেনী, অনামিকা ভূঞাই

অসস চাহ জনজাতি ছাত্ৰ সন্থা আৰু মহাবীৰবাৰী চাহ বাগিচাৰ শ্ৰমিক সকলে একত্ৰিত হৈ এই প্ৰতিবাদ সাব্যস্ত কৰে । বাগিচাৰ কোৱাৰ্টাৰ সমূহ নিৰ্মাণ কৰা, বাগিচাত অনাময় শৌচাগাৰৰ ব্যৱস্থা কৰা, চাহ বাগিচাৰ কৰ্মৰত কৰ্মচাৰীক পদোন্নতিৰ ব্যৱস্থা কৰা, চাহ বাগিচাত থকা জিৰণি ঘৰ সমূহৰ মেৰামতি কৰা, নতুনকৈ নিৰ্মাণ কৰা, শিক্ষিত যুৱক যুৱতী সকলক নিযুক্তিৰ ব্যৱস্থা কৰা আদিৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে । অতিশীঘ্ৰে বাগিচা কৰ্তৃপক্ষই শ্ৰমিকৰ দাবীসমূহ কাৰ্যকৰী নকৰিলে পৰৱৰ্তী সময়ত জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি প্ৰতিবাদকাৰীয়ে সকীয়াই দিয়ে ।

লগতে পঢ়ক:Enclosed the Patient in Barhampur: ভক্তিহীন ব’ল বম ভক্ত; এম্বুলেঞ্চত আৱদ্ধ ৰোগীক সহায় কৰিবলৈও নুকুলালে মনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.