ETV Bharat / state

ডিব্ৰুগড়ৰ বিভিন্ন ঠাইত ATTSAৰ ৩৩ সংখ্যক শ্বহীদ দিৱস পালন - ডিব্ৰুগড়

ক'ভিড-১৯ ৰ ভয়াৱহতা অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত এইবাৰ অনুষ্টুপীয়াকৈ পালন কৰা হ'ল অসম চাহ জনজাতি ছাত্র সন্থা(ASSAM TEA TRIBE STUDENTS' ASSOCIATION)ৰ ৩৩ সংখ্যক শ্বহীদ দিৱস । সোমবাৰে ডিব্ৰুগড়ৰ বিভিন্ন ঠাইত শ্বহীদ দিৱস পালন কৰা হয় ।

ATTSA Martyrs day
ডিব্ৰুগড়ৰ বিভিন্ন ঠাইত ATTSAৰ ৩৩ সংখ্যক শ্বহীদ দিৱস পালন
author img

By

Published : Jun 8, 2021, 1:25 PM IST

মৰাণ,৮ জুন: সোমবাৰে ৩৩ সংখ্যক শ্বহীদ দিৱস পালন কৰে অসম চাহ জনজাতি ছাত্র সন্থা(ASSAM TEA TRIBE STUDENTS' ASSOCIATION)ই । ৰাজ্যৰ আন আন প্ৰান্তৰ সমান্তৰালকৈ ডিব্ৰুগড়তো সংগঠনটোৱে শ্বহীদ দিৱস পালন কৰে । বৰ্তমান ক'ভিড-১৯ ৰ সংক্ৰমণে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰি থকাৰ বাবে এইবাৰ কেৱল আনুষ্ঠানিকতা ৰক্ষা কৰাৰ বাবে সংগঠনটোৱে শ্বহীদ দিৱস পালন কৰে ।

ATTSA Martyrs day
ডিব্ৰুগড়ৰ বিভিন্ন ঠাইত ATTSAৰ ৩৩ সংখ্যক শ্বহীদ দিৱস পালন

ক'ভিড প্ৰট'কল মানি দুলীয়াজানৰ নাওহলিয়াত অসম চাহ জনজাতি ছাত্র সন্থাই শ্বহীদ দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত কৰে । এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালাই(TERAS GOWALA) । বন্তি প্ৰজ্বলন কৰি শ্বহীদসকলক শ্ৰদ্ধা জনায় বিধায়কগৰাকীয়ে । মৰাণৰ বামুণবাৰী চাহ বাগিচাতো অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ মৰাণ শাখাই ৩৩ সংখ্যক শ্বহীদ দিৱস পালন কৰে । এই পবিত্ৰ দিনটোত জাতিৰ বাবে প্ৰাণ আহুতি দিয়া প্ৰতিজন শ্বহীদক স্মৰণ কৰে সংগঠনটোৱে । ইয়াৰ পাছতে সংগঠনটোৱে দৰিদ্ৰ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে ।

এই অনুষ্ঠানত উপস্থিত থাকে আটছাৰ মৰাণ শাখাৰ সভাপতি ৰাজেশ ঠাকুৰ, সম্পাদক মহাত্মা সোণাৰ, আটছাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য বাবুল চাহু, জিলা সমিতিৰ সদস্য দানেল মুণ্ডা, মৰাণ শাখা সহকাৰী সম্পাদক দীপক চাহু, বামুণবাৰী চাহ বাগিছাৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক ছমেশ কৈৰী, মৰাণ শাখাৰ আটছাৰ বিষয়ববীয়া আৰু মৰাণ শাখাৰ অন্তৰ্গত থকা প্ৰতিটো উপ শাখাৰ বিষয়-ববীয়াসকল ।

লগতে পঢ়ক: চিকিৎসকক আক্ৰমণৰ সন্দৰ্ভত ফুলতলী বজাৰত নাগৰিক সভা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.