ETV Bharat / state

FIR against Angurlata Deka: আঙুৰলতা ডেকাৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ থানাত গোচৰ আটাছুৰ - আঙুৰলতা ডেকাক উজনি অসম প্ৰৱেশ নিষিদ্ধ ঘোষণা

শনিবাৰে বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই আহোম জনগোষ্ঠীৰ বিৰুদ্ধে কিছু বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগ উঠিছিল । ফলত আঙুৰলতা ডেকাৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ থানাত গোচৰ ৰুজু কৰে সদৌ টাই আহোম ছাত্ৰ সন্থাই (FIR against Angoorlata Deka) ৷

ATASU files FIR against Angurlata Deka in  Dibrugarh

author img

By

Published : Jul 31, 2022, 12:07 PM IST

ডিব্ৰুগড়, 31 জুলাই: শুকুৰবাৰে গুৱাহাটীত কংগ্ৰেছ সাংসদ অধিৰ ৰঞ্জন চৌধুৰীয়ে (Congress leader Adhir Ranjan Chowdhur) ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক অপমানজনকভাৱে 'ৰাষ্ট্ৰপত্নী' বুলি কৰা মন্তব্য কৰাক কেন্দ্ৰ কৰি (Insulting remarks towards President Droupadi Murmu) অসম বিজেপি দলে বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতাৰ নেতৃত্বত এক প্ৰতিবাদ সাব্যস্ত কৰি কংগ্ৰেছ দলৰ বিৰুদ্ধে ৰাজপথত নামিছিল ।

ATASU files FIR against Angurlata Deka in  Dibrugarh
আঙুৰলতা ডেকাৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ থানাত গোচৰ টাই আহোম ছাত্ৰ সন্থাৰ

এই প্ৰতিবাদত অংশ লৈ সভানেত্ৰীগৰাকীয়ে আহোম জনগোষ্ঠীৰ বিৰুদ্ধে কিছু বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগ উঠিছিল । ইয়াৰ পাছতে শনিবাৰে সদৌ টাই আহোম ছাত্ৰ সন্থা, টাই আহোম যুৱ পৰিষদকে ধৰি জনগোষ্ঠীটোৰ বিভিন্ন সংগঠনে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে (ATASU protest in Assam)।

ইফালে আহোম জাতিক অপমান কৰা আঙুৰলতা ডেকাৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ থানাত এক গোচৰ ৰুজু কৰে টাই আহোম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় নগৰ সমিতিয়ে ( ATASU files FIR against Angoorlata Deka) ৷ ইয়াৰ লগতে টাই আহোম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় নগৰ সমিতিৰ সভাপতি বিমল সন্দিকৈ আৰু সাধাৰণ সম্পাদক বীৰেন কোঁৱৰৰ নেতৃত্বত চৌকিডিঙ্গি চাৰিআলিত আঙুৰলতা ডেকাৰ প্ৰতিকৃতি দাহ কৰি (Angoorlata Deka Effigy Burn at Chowkidinghee Chariali) ছাত্ৰ সন্থাৰ দলটোৱে বিজেপিৰ নেত্ৰীগৰাকীক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনাইছে ৷

আনকি আঙুৰলতা ডেকাক উজনি অসম প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে ছাত্ৰ সংগঠনটোৱে (ATASU banned Angoorlata Deka in Upper Assam) ৷ তাৰোপৰি, আহোম জাতিক লৈ কৰা এই অপমানৰ বাবে অনতিপলমে ৰাজহুৱাকৈ ক্ষমা প্ৰাৰ্থনা দাবী জনায় প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক: Angoorlata Deka controversy: উজনিত নিষিদ্ধ ঘোষণা আঙুৰলতা ডেকাক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.