ETV Bharat / state

বিশাল শান্তি সমদলেৰে মহাবাহুৰ বুকুত বিসৰ্জন দিলে তৰুণ গগৈৰ অস্থি

author img

By

Published : Dec 11, 2020, 9:48 PM IST

শুকুৰবাৰে ডিব্ৰুগড়ত বিসৰ্জন দিয়া হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অস্থি ৷ সমাজৰ সকলো স্তৰৰ মানুহৰ মাজত শান্তি বাৰ্তা বিলাই হাজাৰ হাজাৰ জনতাই মহাবাহুৰ বুকুত বিসৰ্জন দিলে গগৈৰ অস্থি ৷

asthi-of-tarun-gogoi-reached-at-dibrugarh
বিশাল শান্তি সমদলেৰে মহাবাহুৰ বুকুত বিসৰ্জন দিলে তৰুণ গগৈৰ অস্থি

ডিব্ৰুগড়, 11 ডিচেম্বৰ : সদ্য প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অস্থি শুকুৰবাৰে ডিব্ৰুগড়লৈ অনা হয় । ডিব্ৰুগড়ৰ চৌকিডিঙী খেলপথাৰত হাজাৰ হাজৰ গুণমুগ্ধই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিচতে বিশাল শান্তি সমদলেৰে অস্থি মহাবাহু ব্ৰহ্মপুত্ৰত বিসৰ্জন দিয়া হয় ৷

পুৱাৰ ভাগত চৌকিডিঙী খেলপথাৰত ৰাজহুৱা ভাৱে ভিন্ন জাতি-জনগোষ্ঠীৰ লোকে তেওঁৰ আত্মাৰ সদগতি কামনা কৰি চহৰৰ মাজেদি এক শ্ৰদ্ধাঞ্জলি সমদল বাহিৰ কৰা হয় । সমাজৰ সকলো স্তৰৰ মানুহৰ মাজত শান্তি বাৰ্তা বিলাই হাজাৰ হাজাৰ জনতাই 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰে আগবাঢ়ি তিনিকোণীয়া ঘাটৰ ব্ৰহ্মপুত্ৰৰ বিশাল জলধাৰাত তেওঁৰ অস্থি বিসৰ্জন দিয়া হয় ।

উল্লেখ্য যে, শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত পুত্ৰ গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ নগেন শইকীয়াকে আদি কৰি বহুতো লোক উপস্থিত আছে ।

লগতে পঢ়ক : বিলাসীপাৰাত কা' আন্দোলনৰ পাঁচ গৰাকী শ্বহীদক সোঁৱৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.