ETV Bharat / state

আস্থানন্দিনী বৰগোহাঞিলৈ পাৰিজাত ৰত্ন ত্ৰৈলোক্য নাথ শৰ্মা সোঁৱৰণী মইনা সাহিত্যিক বঁটা

আস্থানন্দিনীয়ে সপ্তম শ্ৰেণীত পঢ়ি থাকোতেই সাধুৰ সংকলন ‘প্ৰিয় সাধুকথা' (২০১৭)খন ইংৰাজী আৰু হিন্দীৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল । তেওঁৰ লেখনি অসমৰ বিভিন্ন বাতৰি কাকত আৰু আলোচনীত প্ৰকাশ পাইছে ৷

author img

By

Published : Jul 5, 2021, 8:53 AM IST

আস্থানন্দিনী বৰগোহাঞিলৈ পাৰিজাত ৰত্ন ত্ৰৈলোক্য নাথ শৰ্মা সোঁৱৰণী মইনা সাহিত্যিক বঁটা
আস্থানন্দিনী বৰগোহাঞিলৈ পাৰিজাত ৰত্ন ত্ৰৈলোক্য নাথ শৰ্মা সোঁৱৰণী মইনা সাহিত্যিক বঁটা

মৰাণ, 5 জুলাই : বেচৰকাৰী শিশু অনুষ্ঠান সদৌ অসম মইনা পাৰিজাতে চাবুৱাৰ আস্থানন্দিনী বৰগোহাঞি (Asthanandini Borgohain)ক ২০২১ বৰ্ষৰ "পাৰিজাত ৰত্ন ত্ৰৈলোক্য নাথ শৰ্মা সোঁৱৰণী মইনা সাহিত্যিক বঁটা" প্ৰদান কৰিছে । এই খবৰে এতিয়া সমগ্ৰ চাবুৱা অঞ্চলৰ লোকক গৌৰৱাম্বিত কৰি তুলিছে । মইনা পাৰিজাতে শিশু সাহিত্য চৰ্চাত ব্ৰতীসকলক প্ৰেৰণা যোগোৱাৰ লগতে স্বীকৃতি প্ৰদানৰ উদ্দেশ্যৰে আস্থানন্দিনী বৰগোহাঞি (Asthanandini Borgohain)ক এই বঁটা প্ৰদান কৰে ৷

Asthanandini Borgohain achieved PARIJAT RATNA award

আস্থানন্দিনীয়ে তিনিচুকীয়াস্থিত বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ত সপ্তম শ্ৰেণীত পঢ়ি থাকোতেই ইংৰাজী আৰু হিন্দীৰ পৰা অসমীয়ালৈ অনুবাদ কৰা একুঁকি বিশ্ববিখ্যাত সাধুৰ সংকলন ‘প্ৰিয় সাধুকথা' (২০১৭)খন প্ৰকাশ কৰে । প্ৰিয় সাধুকথাখন (২০১৭)খন প্ৰকাশ কৰিছিল সাৰথি প্ৰকাশনে (অসমীয়া ভাষা আৰু ছফটৱেৰ বিকাশ কেন্দ্ৰ) । আস্থানন্দিনী (Asthanandini Borgohain)য়ে হিন্দীৰ পৰা অসমীয়ালৈ অনুবাদ কৰা নিশা গুপ্তা (নিশা নন্দিনী ভাৰতীয়)ৰ শিশু উপন্যাস ‘যাদুকৰণী হালকাৰা' গ্ৰন্থখন (২০১৯) জে এছ পাব্লিকেশ্বনে প্ৰকাশ কৰে ।

আস্থানন্দিনীৰ স্বৰচিত সাধু, গল্প দৈনিক জনমভূমি, কণকণত প্ৰকাশ হৈছে । আস্থানন্দিনীয়ে লিখা চমু ভ্ৰমণ কাহিনী দি আসাম ট্ৰিবিউনৰ প্লেনেট ইয়ং, নিয়মীয়া বাৰ্তা, দৈনিক জনমভূমিত প্ৰকাশ পোৱাৰ লগতে অন্যান্য লেখা মৌচাক, দি আসাম ৰাইজিং, দি আসাম ট্ৰিবিউনৰ প্লেনেট ইয়ং, আমাৰ অসম, স্মৃতিগ্ৰন্থ, বিদ্যালয় আলোচনী আদিত প্ৰকাশ পাইছে । ২০১১ চনৰ পৰা ২০১৮ চনলৈকে নখন শিশু আৰু পূৰ্ণাংগ নাটকত অভিনয় কৰা ধ্ৰুপদী সত্ৰীয়া নৃত্যৰ বিশাৰদ (২০২০) আস্থানন্দিনীয়ে বিভিন্ন মঞ্চত সত্ৰীয়া নৃত্য পৰিবেশন কৰি আহিছে ৷

আস্থানন্দিনী (Asthanandini Borgohain)য়ে জিলাভিত্তিক বক্তৃতা প্ৰতিযোগিতাত প্ৰথম আৰু বিবেকানন্দ কেন্দ্ৰ শিক্ষা প্ৰচাৰ বিভাগে উত্তৰ-পূৰ্বাঞ্চল ভিত্তিত আয়োজন কৰা নাট প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰিছে । আস্থানন্দিনীয়ে তোলা বিশেষ আলোকচিত্ৰ দৈনিক জনমভূমি দি আসাম ট্ৰিবিউনৰ কেম্পাছত প্ৰকাশ পাইছে । আস্থানন্দিনী (Asthanandini Borgohain)য়ে ১ নৱেম্বৰ ২০১৯ ৰ পৰা এককভাবে আৰম্ভ কৰা পৰিৱেশ সুৰক্ষা সজাগতা অভিযানে সচেতন লোকসকলৰ মাজত প্ৰসাৰতা লাভ কৰাৰ লগতে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বিশেষ গুৰুত্ব লাভ কৰিছে ।

ইয়াৰ ওপৰিও পৰিৱেশ সুৰক্ষাৰ বাবে পৰিৱেশ সম্পৰ্কীয় লেখা কাকত আলোচনীৰ যোগেদি প্ৰকাশ কৰি আহিছে । উল্লেখ্য যে, অসমৰ একমাত্ৰ বেচৰকাৰী শিশু অনুষ্ঠান হৈছে সদৌ অসম মইনা পাৰিজাত । ১৯৫৪ চনতে স্থাপিত হোৱা এই মইনা পাৰিজাতে অসমৰ শিশু সকলৰ বাবে সাহিত্য, সাংস্কৃতিক, ক্ৰীড়া, সামাজিক আদি বিভিন্ন দিশত কাম কৰি আহিছে ।

লগতে পঢ়ক : শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ স্মৃতিত শিৱসাগৰত স্থাপন কৰা হ’ব আৱক্ষ মূৰ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.