ETV Bharat / state

4 Assamese to UN : ৰাষ্ট্ৰসংঘত অসমৰ কেইবাটাও জ্বলন্ত সমস্যা উত্থাপন কৰিলে অসমৰ চাৰিজনীয়া প্ৰতিনিধিৰ দলে

ৰাষ্ট্ৰসংঘৰ মজিয়াত অসমৰ কেইবাটাও জ্বলন্ত সমস্যা উত্থাপন কৰিলে অসমৰ চাৰিজনীয়া প্ৰতিনিধি দলে ৷ ৰাষ্ট্ৰসংঘৰ বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰা চাৰিজনীয়া প্ৰতিনিধি দলটোক ডিব্ৰুগড়ত উষ্ম আদৰণি স্থানীয় দল-সংগঠনৰ ৷

Four member delegation from Assam to the UN welcomed in Dibrugarh
ডিব্ৰুগড়ত উষ্ম আদৰণি প্ৰতিনিধি দলটোক
author img

By

Published : Jun 13, 2023, 9:47 AM IST

Updated : Jun 13, 2023, 11:33 AM IST

ডিব্ৰুগড়ত উষ্ম আদৰণি প্ৰতিনিধি দলটোক

ডিব্ৰুগড়, 13 জুন : আন্তঃৰাষ্ট্ৰীয় আইন, মানৱ অধিকাৰ আৰু বিশ্ব শান্তিৰ বাবে গঠন হোৱা ৰাষ্ট্ৰসংঘৰ মজিয়াত এইবাৰ অসমৰ সমস্যাৰ কথা অৱগত কৰে চাৰিজনীয়া অসমৰ প্ৰতিনিধিৰ দলে । 6 জুনৰ পৰা 9 জুনলৈ ৰাষ্ট্ৰসংঘৰ মজিয়াত অনুষ্ঠিত বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিলে অসমৰ চাৰিজনীয়া প্ৰতিনিধিৰ দলটোৱে । অনুষ্ঠান সামৰি সোমবাৰে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উপস্থিত হোৱাৰ পিচতেই দল-সংগঠনে বিপুল আদৰণি জনালে অসমৰ চাৰিজনীয়া প্ৰতিনিধি দলটোক ।

ইণ্ডিজিনিয়াছ পিপুল অৱ ম্যুং ডুন চ্যুং খাম আসামৰ চাৰিজনীয়া প্ৰতিনিধি দলটোৱে অংশগ্ৰহণ কৰিছিল থাইলেণ্ডত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ অধিৱেশনত । দলটোত আছিল অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া, বিশিষ্ট লেখক তথা ডিব্ৰুগড় সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দুৰ্লভ চেতিয়া, বিশিষ্ট চিকিৎসক ডাঃ অতুল বৰগোঁহাই, শিক্ষাবিদ প্ৰিয়বৰ কোঁৱৰ আৰু বিৰেণ চেতিয়া । জানিব পৰা মতে, আন্তঃৰাজ্যিক পাৰ-পত্ৰকে ধৰি ৰাষ্ট্ৰসংঘৰ মজিয়াত অসমৰ কেতবোৰ জ্বলন্ত সমস্যা উত্থাপন কৰে ।

বিশেষকৈ চ্যুকাফাই অসমলৈ অহা ষ্টীলৱেল পথটো স্বাধীনোত্তৰ কাল ধৰি বন্ধ হৈ থকাত দক্ষিণ-পূৱ এছিয়াৰ দেশসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক বিচ্ছিন্ন হৈ পৰিছে । কেৱল সেয়াই নহয় পৰ্যটন ক্ষেত্ৰৰ পৰাও অসম বঞ্চিত হ'বলগীয়া হৈছে বুলি কয় অংশগ্ৰহণকাৰী দলটোৱে । এই পথটো অতি শীঘ্ৰে মুকলি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় দলটোৱে । তদুপৰি পাটকাই পৰ্বতৰ নাম চ্যুকাফা নামেৰে নামাকৰণৰ প্ৰসংগও ৰাষ্ট্ৰসংঘত উত্থাপন কৰা বুলি জানিবলৈ দিয়ে ।

ইয়াৰোপৰি, অসমত আৰম্ভ হোৱা বৃহৎ নদী বান্ধৰ বিষয়টোও অসমৰ পৰা যোৱা দলটোৱে ৰাষ্ট্ৰসংঘৰ মজিয়াত আলোচনা কৰে বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক: Violence in Manipur : পুনৰ উগ্ৰপন্থী আৰু স্বেচ্ছাসেৱকৰ মাজৰ সংঘৰ্ষত আঘাতপ্ৰাপ্ত 9 জনকৈ লোক

Last Updated : Jun 13, 2023, 11:33 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.