ETV Bharat / state

কৰ'ণাৰ বাবে মন্থৰ হৈ গ'ল দুশবছৰীয়া চাহ উদ্যোগ - দুশবছৰীয়া চাহ উদ্যোগ

কৰ'ণাৰ প্ৰভাৱ পৰিছে এটা বৃহৎ উদ্যোগত, যাৰ বাবে দুশবছৰীয়া চাহ উদ্যোগটো মন্থৰ হৈ পৰিল কিছুদিনৰ বাবে ৷ কিন্তু কৰ'ণাৰ আৰু লক্ ডাউনৰ মাজতে এটা ভাল খবৰ দিলে অসমৰ চাহ উদ্যোগে ৷ কি এই ভাল খবৰ ?

কৰ'ণাৰ বাবে মন্থৰ হৈ গ'ল দুশবছৰীয়া চাহ উদ্যোগ

author img

By

Published : Aug 12, 2020, 3:45 PM IST

Updated : Aug 14, 2020, 7:20 PM IST

ডিব্ৰুগড়, 12 আগষ্টঃ বৃটিছৰ পৰা উত্তৰাধিকাৰী সূত্ৰে পোৱা অসমৰ চাহ উদ্যোগক কোবাই গৈছে কৰ'ণাৰ ধুমুহাজাকে ৷ এই সময়ছোৱাত বৃহৎ উদ্যোগটো সন্মুখীন হৈছে বিভিন্ন সমস্যাৰ ৷ কাৰণ কৰ'ণাৰ বাবে বহুদিন বন্ধ হৈ পৰিছিল চাহ বাগিছা সমূহৰ স্বাভাৱিক কাম কাজ ৷ যাৰ ফলত কেঁচা চাহপাতৰ উৎপাদন যথেষ্ট নিম্নগামী হয় ৷ কৰ'ণা, লক্ ডাউন, এই সময়চোৱাত চাহ উৎপাদনৰ ক্ষেত্ৰত অসমত জানুৱাৰীৰ পৰা জুলাই মাহৰ ভিতৰত আন বাৰৰ তুলনাত প্ৰায় 30 শতাংশ হ্ৰাস পায় কেঁচা চাহপাতৰ উৎপাদন ৷ একেদৰে শ শ বছৰ ধৰি চাহ উৎপাদন কৰি অহা উদ্যোগটোৱে কঢ়িয়াই আনে আন এটা বেয়া খবৰ, সেয়া হৈছে লক ডাউনৰ সময়ত 25 দিনত অসমত চাহৰ উৎপাদন 12% লৈ হ্ৰাস পায় ৷ যিটো অসমৰ চাহ উদ্যোগটোৰ বাবে এটা নিৰাশাজনক খবৰ ৷

কৰ'ণাৰ বাবে মন্থৰ হৈ গ'ল দুশবছৰীয়া চাহ উদ্যোগ

কিন্তু অকল কৰ'ণাৰ বাবেই চাহ উদ্যোগৰ উৎপাদন হ্ৰাস পোৱা নাই ৷ কৰ'ণাৰ লগতে চাহ উৎপাদনত ব্যাঘাত জন্মাইছে আন কেবাটাও কাৰকে ৷ সৰ্বমুঠ 14 খন চাহ বাগিছাৰে উজনি আৰু মধ্য অসমৰ চাহ উৎপাদনত বহু দশক ধৰি দেশৰ চাহ উদ্যোগলৈ অৰিহণা যোগাই অহা ASSAM COMPANY INDIA LIMITEDৰ সঞ্চালক সঞ্জয় জৈনৰ মতে শেহতীয়া বৰষুণ আৰু বান পৰিস্থিতিও ইয়াৰ এক অন্যতম কাৰণ হিচাপে দেখা দিছে ৷ একেই কথা ক'লে ভাৰত চাহ পৰিষদৰ ছেয়াৰমেন তথা দুলীয়াজানস্থিত জুটলিবাৰী চাহ বাগিছাৰ সঞ্চালক নলীন খেমানিয়েও ৷

The biennial tea industry in Assam has slowed down du etv bharat special report
দুশবছৰীয়া চাহ উদ্যোগ

ইফালে লক ডাউনৰ সময়ছোৱাত চাহ বাগিছা সমূহত চাহ শ্ৰমিকসকলৰ অনুপস্থিতিয়ে কিছুদিনৰ বাবে বাগিছাৰ কাম কাজ মন্থৰ কৰি তুলিছিল যদিও পুনৰ চৰকাৰৰ নিৰ্দেশৰ পিচতে বাগিছা সমূহত কাম কাজ পুনৰ স্বাভাৱিক হৈছে ৷ কৰ'ণাই জোকাৰি যোৱা ধুমুহা জাকে কিছুদিনৰ বাবে চাহ উদ্যোগটোৰ গতি ৰুদ্ধ কৰিলে যদিও এটা ভাল খবৰ লাভ কৰিলে অসমৰ ৰাইজে ৷ কৰ'ণাৰ সময়ত বৃদ্ধি পাইছে অসমৰ চাহৰ চাহিদা ৷ চাহে মানৱ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে বুলি এক সমীক্ষাত প্ৰকাশ পোৱাৰ পিচতে অসমৰ চাহৰ চাহিদা 30-40% লৈ বৃদ্ধি পাবলৈ ধৰিছে ৷ যাৰ বাবে উৎপাদন আৰু সৰ্বমুঠ লোকচানৰ পৰিমাণক এই বৃদ্ধি পোৱা চাহিদাই বছৰৰ শেষলৈকে পূৰণ কৰিব বুলি আশাবাদী ASSAM COMPANY INDIA LIMITEDৰ সঞ্চালক সঞ্জয় জৈন।

আনহাতে চাহৰ চাহিদা বৃদ্ধি পালেও আগন্তুক সময়ত চাহৰ দৰৰ ক্ষেত্ৰত বিশেষ প্ৰভাৱ পৰাৰ সম্ভাৱনা নাই ৷ কিয়নো চাহৰ গুণগত মানৰ ওপৰতহে চাহৰ বিভিন্ন শিতানৰ দৰ নিৰ্ধাৰিত হৈ আহিছে। উল্লেখ্য যে,অসমে ভাৰতবৰ্ষৰ মুঠ ৫২ শতাংশ চাহ উৎপাদন কৰাৰ লগতে বছৰি ৬৩০-৭০০ মিলিয়ন কেজি চাহ উৎপাদন কৰি আহিছে ।

লক ডাউনৰ মাজতে এটা ভাল অসমৰ চাহ উদ্যোগৰ

অসমৰ চাহ বাগিছা সমূহৰ অধিকাংশ চাহপাত নীলামৰ যোগেদি ৰাষ্ট্ৰীয় বজাৰত বিক্ৰী হৈ আহিছে,পাছত ইয়াক ভেল্যু এডিচনৰ যোগেদি হিন্দুস্তান ইউনিলিভাৰ, টাটা,ৱাঘবকৰী আদি প্ৰতিষ্ঠিত কোম্পানীসমূহক বিক্ৰী কৰা হয় ৷ অসমত যিহেতু মাৰ্চ এপ্ৰিল মাহ দুটা চাহ উৎপাদনৰ আৰম্ভণিৰ সময় ৰূপে বিবেচনা কৰা হয়,সেয়ে বছৰৰ শেষলৈকে ই উৎপানৰ নিৰ্ধাৰিত লক্ষ্য সম্পূৰ্ণ কৰিব পাৰিব বুলি আশা কৰা হৈছে ৷

অৱশ্যে বাগিছাত কৰ্মৰত শ্ৰমিকসকলৰ জীৱনত এই মহামাৰী,লক ডাউনে যথেষ্ট প্ৰভাৱ পেলাইছে,যাৰ প্ৰভাৱ বৰ্তমানেও অব্যাহত। লক ডাউনে বিপৰ্যস্ত কৰা চাহ শ্ৰমিকসকলৰ বাবে আটছাই চৰকাৰক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে ৷

লগতে চাওকঃ উবেৰাইজেছন আঁচনিত অনুমোদন ৰাজ্যিক কেবিনেটৰ: অশোক ভট্টৰায়

Last Updated : Aug 14, 2020, 7:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.