ETV Bharat / state

Chandrayaan 3: চন্দ্ৰযান-৩ ৰ সফল অভিযানৰ দলত আছিল মৰাণৰ বিজ্ঞানী আনন্দ জৈন - assam scientists

২০১১ বৰ্ষৰ পৰা ISRO ত কৰ্মৰত আনন্দ জৈন জড়িত আছে Aditya L1 উৎক্ষেপনৰ লগতো ৷

assam scientists involved in isro chandrayaan 3
চন্দ্ৰযান-৩ ৰ সফল অভিযান
author img

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 8:15 PM IST

অত্যন্ত সুখী পিতৃ-মাতৃ

ডিব্ৰুগড়, 28 আগষ্ট : 23 আগষ্টৰ দিনটো আছিল প্ৰতিজন ভাৰতীয়ৰ বাবে এটা উল্লেখযোগ্য দিন ৷ বহু প্ৰতীক্ষা আৰু অতি উৎকণ্ঠাৰ অন্তত চন্দ্ৰযান-৩ য়ে সফলভাৱে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰে ৷ ইয়াৰ পাচতেই দেশবাসী গৌৰৱান্বিত হৈ পৰিছে । ভাৰতে নিজা প্ৰযুক্তি বিদ্যাৰে লাভ কৰা সফলতাই সমগ্ৰ বিশ্বৰে আগত ভাৰতবৰ্ষক পুনৰ উজ্বলাই তুলিলে ।

চন্দ্ৰপৃষ্ঠৰ দক্ষিণ মেৰুত চন্দ্ৰযান-৩ ৰ সফল অৱতৰণৰ সৈতে জড়িত আছে দেশৰ বিভিন্ন প্ৰান্তৰ বহু বৈজ্ঞানিক ৷ ইয়াৰ সমান্তৰালকৈ অসমৰো কেইবাগৰাকীও বৈজ্ঞানিক এই প্ৰকল্পত জড়িত হৈ আছিল ৷ শেহতীয়াকৈ জানিব পৰা অনুসৰি মৰাণৰ এজন যুৱ বিজ্ঞানীও জড়িত আছিল চন্দ্ৰযান-৩ ৰ অভিযানত ৷

ডিব্ৰুগড় জিলাৰ মৰাণ নতুন নগৰ নিবাসী অশোক জৈন আৰু গীতাদেৱী জৈনৰ পুত্ৰ তথা যুৱ বিজ্ঞানী আনন্দ জৈন আছিল "স্পেচ পেল" ৰ অংশ হিচাপে ৷ মৰাণতে স্কুলীয়া শিক্ষা গ্ৰহণ কৰি আনন্দ জৈনে ডিব্ৰুগড়ৰ চল্ট ব্ৰুক একাডেমীত উচ্ছ শিক্ষা গ্ৰহণ কৰে ৷ ইয়াৰ পৰৱৰ্তী সময়ত আনন্দ জৈনে তিৰুৱনন্তপুৰমৰ Indian Institute of Space Science and Technology (IIST) ত সফলতাৰে শিক্ষাগ্ৰহণ কৰি এগৰাকী যুৱ বিজ্ঞানী হিচাপে ২০১১ বৰ্ষত ISRO-ত যোগদান কৰিছিল ৷

চন্দ্ৰযান-৩ ৰ সফলতাত অৰিহণা আগবঢ়োৱা আনন্দ জৈনক লৈ এতিয়া অত্যন্ত সুখী পিতৃ-মাতৃ আৰু মৰাণবাসী ৷ ছেপ্টেম্বৰ মাহত সূৰ্য সম্বন্ধে গৱেষণা চলাবলগীয়া ISRO-ৰ উপগ্ৰহ আদিত্য L1-ৰ সৈতেও জড়িত হৈ আছে মৰাণৰ আনন্দ জৈন৷ পুত্ৰৰ সাফল্যত গৌৰৱান্বিত পিতৃ-মাতৃয়ে এই অভিযানো সফল হ’ব বুলি আশা প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : Chandrayaan-3: ৰাজ্যবাসীক গৌৰৱান্বিত কৰি চন্দ্ৰযান-৩ অভিযানৰ অংশ তিনিচুকীয়াৰ বোৱাৰী নিধি শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.