ETV Bharat / state

যাদু কলা জীয়াই থাকিব নে অসমত !

author img

By

Published : Aug 10, 2021, 7:59 PM IST

অসমৰ সমাজ জীৱনৰ পৰা ক্ৰমশঃ হেৰাই যাবলৈ ধৰিছে যাদু কলা ৷ যাদু কলা যাতে অসমৰ সমাজ জীৱনৰ পৰা হেৰাই নাযায় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম যাদু দিৱসৰ দিনাই অসম চৰকাৰক আহ্বান জনাইছে যাদু শিল্পী সকলে ৷

"অসম যাদু দিৱস" উদযাপন যাদুশিল্পীৰ
"অসম যাদু দিৱস" উদযাপন যাদুশিল্পীৰ

মৰাণ,10 আগষ্ট : অসসমক তাহানিতে বিশ্ববাসীয়ে যাদুৰ দেশ হিচাপেই ভাবিছিল ৷ কিয়নো যাদুৰ বাবে প্ৰসিদ্ধ আছিল অসম ৷ আজিও যাদুৰ নগৰী ৰূপে খ্যাত মায়ংত যাদুৰ পৰম্পৰা ধৰি ৰাখিছে মায়ংবাসীয়ে ৷ এতিয়াও অনেকৰ বাবে কৌতুহলৰ বিষয় মায়ং ৷ এতিয়াও যাদু চাবলৈ দেশ-বিদেশৰ পৰ্যটকে ভিৰ কৰেহি মায়ংত ৷ সম্প্ৰতি কেৱল মায়ংতে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত যাদুৰ পৰম্পৰা ধৰি ৰাখিছে ভিন্নজনে ৷

উল্লেখযোগ্য যে, বহুতে যাদুক অন্ধবিশ্বাস বুলি ভৱাত এই বিশেষ কলা বিধ অসমৰ সমাজ জীৱনৰ পৰা ক্ৰমশঃ হেৰাই যাবলৈ ধৰিছে ৷ কিন্তু তাৰ মাজতো যাদুক এক কলা হিচাপে জীয়াই ৰাখিছে একাংশ লোকে ৷ সেয়ে বিগত পোন্ধৰ বছৰৰ পৰা ১০ আগষ্টৰ দিনটোক অসমত "অসম যাদু দিৱস ৰূপে" পালন কৰি অহা হৈছে । যাতে এই যাদু কলা হেৰাই নাযায় ৷

"অসম যাদু দিৱস" উদযাপন যাদুশিল্পীৰ

ইপিনে অসমৰ অতি পুৰণি কলা 'যাদু'ক জীয়াই ৰাখিছে একাংশ যাদু শিল্পীয়ে । তাৰমাজতে যাদু শিল্পৰ জৰিয়তে অন্ধবিশ্বাস দূৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে যাদু শিল্পীসকলে । মনকৰিবলগীয়া যে, কৰ'ণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত অৰ্থনৈতিকভাৱে জুৰুলা হৈ পৰিছে যাদু কলাৰ লগত জড়িত লোকসকল ।

সম্প্ৰতি যাদু কলাক জীয়াই ৰখাৰ স্বাৰ্থত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছে যাদু কলাৰ লগত জড়িত লোকসকলে । সাম্প্ৰতিক সময়ত লুপ্তপ্ৰায় হ’বলৈ ধৰা এই যাদু কলা সংৰক্ষণ কৰিববলৈ অসম মেজিক চাৰ্কোলৰ সভাপতি তথা যাদুকৰ প্ৰদীপ চেতিয়া ফুকনে বিশেষভাবে আহ্বান জনাইছে ৰাজ্য চৰকাৰক ৷

লগতে পঢ়ক : কিয় তিনিটা সন্তান বিচাৰে উত্তৰ প্ৰদেশৰ বহু লোকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.