মৰাণ, 9 ফ্ৰেব্ৰুৱাৰী : ৰাজ্যৰ সাংস্কৃতিক জগতৰ বাবে এক সু-খবৰ । দিল্লীৰ নয়দাত অনুষ্ঠিত হোৱা মিষ্টাৰ এণ্ড মিছেছ ৰয়েল ইণ্ডিয়া ইন্টাৰনেশ্যনেল ফেশ্বন শ্ব' প্ৰতিযোগিতাত (International beauty contest) চূড়ান্ত বিজয়ীৰ মুকুট পৰিধান কৰিবলৈ সক্ষম হ'ল সাপেখাটি ৰহণৰ প্ৰিয়ংকা আৰন্ধৰা (Assam girl won international beauty contest title) ৷
ফেশ্বন শ্ব'ৰ এই বৃহৎ মঞ্চখনত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ প্ৰায় ৬০ গৰাকী চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগীৰ মাজৰ পৰা নিজৰ প্ৰতিভাৰে শ্ৰেষ্ঠত্বৰ খিতাপ অৰ্জন কৰি সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে প্ৰিয়ংকা আৰন্ধৰাই ৷ টিংখাঙৰ সমীপৰ সাপেখাটি ৰহণ গাঁৱৰ হেমন্ত আৰন্ধৰা আৰু শিল্পী আৰন্ধৰাৰ সুযোগ্যা সন্তান প্ৰিয়ংকা পঞ্চম শ্ৰেণীৰ ছাত্ৰী ৷
ভৱিষ্যতে এগৰাকী সফল মডেল হোৱাৰ সপোন পুহি ৰখা প্ৰিয়ংকা নৃত্য আৰু অভিনয়ৰ লগতো জড়িত । উল্লেখযোগ্য যে, নিজৰ অনন্য প্ৰতিভাৰে ইতিপূৰ্বেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত মডেলিঙৰ লগতে আধুনিক নৃত্য, বিহুনাচ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বহুতো খিতাপ- সন্মান আজুৰি আনিবলৈ সক্ষম হৈছে প্ৰিয়ংকা ৷ প্ৰিয়ংকাৰ এই সাফল্যই স্বাভাৱিকতে এতিয়া পৰিয়ালৰ লগতে অঞ্চলটোলৈ আনন্দৰ বন্যা কঢ়িয়াই আনিছে ৷
লগতে পঢ়ক: Valentine Week: এপাহ গোলাপৰ পৰা জীৱনজোৰা প্ৰতিশ্ৰুতিলৈ