১৩ মাৰ্চ, ডিব্ৰুগড়ঃ ডিব্ৰুগড়ত জিলা প্ৰশাসনে পলিথিনৰ বেগ নিষিদ্ধ ঘোষণা কৰি ইয়াৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ সময়তে ডিব্ৰুগড়তআৰক্ষীয়ে ২০ বস্তা পলিথিনজব্দ কৰে। কেইবাটাও সংগঠনৰ সহযোগত আৰক্ষীয়ে এই বৃহৎ পৰিমাণৰ পলিথিন জব্দ কৰে।
জানিব পৰা মতে ডিব্ৰুগড়ৰ "ফিজা ষ্টোৰ"নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰীয়ে নিউ নৰ্থ ৰ্ষ্টান ট্ৰেন্সপৰ্টৰ জৰিয়তে গুৱাহাটীৰ পৰা পলিথিনখিনি আনি গুদামত মজুত কৰি ৰাখিছিল।
উল্লেখ্য যে বিগত বছৰতে ডিব্ৰুগড় পৌৰসভা আৰু জিলা প্ৰশাসনে ডিব্ৰুগড়ত পলিথিন বা প্লাষ্টিকৰ বেগ নিষিদ্ধ কৰিছিল।