ETV Bharat / state

কৰ’ণাতংক: ৰাজ্যৰ শৈক্ষিক দিশ সম্পৰ্কে মুখ্যমন্ত্ৰীৰ বৈঠক - ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডীন অধ্যাপকৰে সৈত বৈঠক মুখ্যমন্ত্ৰী সোণোৱালৰ

ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ কোভিড-19ৰ মাজতো শিক্ষাবৰ্ষ নষ্ট নোহোৱাৰ ব্যৱস্থাৰ সন্ধানত শনিবাৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডীন, অধ্যাপকৰে গুৰুতৰ আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ৰাজ্যৰ শৈক্ষিক দিশ সম্পৰ্কে মুখ্যমন্ত্ৰীৰ বৈঠক

author img

By

Published : May 24, 2020, 10:28 AM IST

ডিব্ৰুগড়, 24 মে’: কোভিড-19ৰ বিৰুদ্ধে যুঁজ দি থকাৰ প্ৰত্যাহ্বানৰ মাজতে স্থগিত হৈ থকা মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ পাঠদানসমূহ আগবঢ়াই নিয়া সম্পৰ্কে শনিবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ত মিলিত হয় এক বৈঠকত ৷ বৈঠকৰ জৰিয়তে ৰাজ্যৰ প্ৰত্যেকখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপকলৈ শৈক্ষিক দিশ সম্পৰ্কে উপায় উদ্ভাৱনৰ আহ্বান মুখ্যমন্ত্ৰী সোণোৱালৰ ৷ লগতে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগলৈ পৰামৰ্শ প্ৰেৰণৰো আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

ৰাজ্যৰ শৈক্ষিক দিশ সম্পৰ্কে মুখ্যমন্ত্ৰীৰ বৈঠক

ডিব্ৰুগড়ৰ উপায়ুক্ত কাৰ্যালয়ৰ সভা কক্ষত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডীন, বিভাগৰ অধ্যাপক-অধ্যাপিকা হোৱা বৈঠকৰ পিছতে মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে, কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজি থকাৰ সময়ত এই কথাও মনত ৰাখিব লাগিব যে ছাত্ৰ-ছাত্ৰীসকলে যাতে শিক্ষা বৰ্ষ হেৰুৱাবলগীয়া নহয় । এই ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলক কি পদ্ধতিৰে এই প্ৰত্যাহ্বানৰ মাজতো শিক্ষা দান কৰিব পৰা যাব তাৰ উপায় উদ্ভাৱন কৰিবলৈ অসমৰ প্ৰতিখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য,অধ্যাপক-অধ্যাপিকাক আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে ৷

ইফালে লক ডাউন আৰু স্বাস্থ্য বিভাগৰ নীতিৰ ক্ষেত্ৰত কঠোৰতাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, কোনেও যাতে মাস্ক নিপিন্ধাকৈ ঘূৰি নুফুৰে, সকলোৱে সামাজিক দূৰত্ব বৰ্তাই ৰখা কথাষাৰত বিশেষভাৱে গুৰুত্ব দিয়ে আৰু দিনটোত সঘনাই হাত ধুই নিজকে পৰিস্কাৰকৈ ৰাখে । প্ৰতিজন লোকে এইখিনি নিয়ম অত্যন্ত আন্তৰিকতা আৰু নিষ্ঠাৰে মানি চলিলে আগন্তুক দিনত কৰ’ণাত আক্ৰান্তৰ সংখ্যা যিমানেই বাঢ়ি নাযাওঁক কিয়, দৃঢ়তাৰে এই ভাইৰাছৰ বিৰুদ্ধে যুঁজ দি যাব পৰা যাব । কিন্তু যিসকলে মাস্ক নিপিন্ধাকৈ ঘূৰি ফুৰে, তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে কিন্তু বিহিত ব্যৱস্থা ল'বলৈ বাধ্য হ'ব বুলি মুখ্যমন্ত্ৰী সোণোৱালে সদৰী কৰে ।

ইয়াৰোপৰি বৈঠকৰ জৰিয়তে বিশ্ব সমাজৰ কল্যাণৰ বাবে ঈদত আল্লাৰ ওচৰত দোৱা কৰিবলৈ ৰাজ্যৰ ইছলাম ধৰ্মাৱলম্বী লোক সকললৈ আহ্বান মুখ্যমন্ত্ৰী সোণোৱালৰ । ঈদৰ সময়ছোৱাত তেওঁ ইছলাম ধৰ্মীয় লোকসকলক নিজ নিজ ঘৰতেই সামাজিক দূৰত্ব বৰ্তাই ৰাখি শৃংখলবদ্ধভাৱে নামাজ পঢ়িবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক: ওদালগুৰিত বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.