মৰাণ, 11 মে’: ডিব্ৰুগড়ত আজিও অপ্ৰতিৰোধ্য হৈ আছে ক’ভিড ৰোগীৰ সংখ্যা । ক’ভিড ৰোগীৰ সংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ প্ৰশাসন আৰু স্বাস্থ্য বিভাগে বিভিন্ন ধৰণৰে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ।
![asha workers busy with spread covid awareness](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8034to8037-ashaworkersbusywithawareagainstcovidatgaon-as10031_10052021203210_1005f_1620658930_328.jpg)
ইয়াৰ লেখীয়াকৈ সোমবাৰে ক’ভিডৰ সংক্ৰমণ ৰোধৰ বাবে ডিব্ৰুগড়ৰ গাঁৱে-ভূঞে সজাগতাৰ প্ৰচাৰ চলায় আশাকৰ্মীসকলে ৷
![asha workers busy with spread covid awareness](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8034to8037-ashaworkersbusywithawareagainstcovidatgaon-as10031_10052021203210_1005f_1620658930_100.jpg)
ক’ভিড সংক্ৰমিত ব্যক্তি তথা পৰিয়ালৰ সদস্যই হোম আইচ’লেশ্বনত থকাৰ সময়ত দায়িত্বশীলভাৱে ৰোগীসকলে কেনেদৰে ক’ভিডৰ প্ৰট’কল মানি চলিব লাগে, সেই বিষয়ে প্ৰচাৰ পত্ৰিকা বিতৰণ কৰি ৰাইজক সজাগ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে আশাকৰ্মীসকলে ।
লগতে পঢ়ক : ক’ভিডৰ দ্বিতীয় ঢৌত ত্ৰস্তমান নলবাৰী